নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
ভাৰতবৰ্ষত শিশুৰ অধিকাৰ কৰ্মী, নোবেল বিজয়ী কৈলাস সত্যাৰ্থীয়ে প্ৰতিষ্ঠা কৰা স্বেচ্ছাসেৱী অনুষ্ঠান বচপন বচাওঁ আন্দোলনৰ সহযোগত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ১৪ নৱেম্বৰৰ শিশু দিৱসটি ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত উদ্যাপন কৰা হয় ৷
সেই উপলক্ষে বিদ্যালয়খনিৰ সুন্দৰ পৰিবেশত অনুষ্ঠিত হয় গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৷ গীত, নৃত্য, বক্তৃতা, আলোচনা-চক্ৰৰে সজাই তোলা বৰ্ণাঢ্য অনুষ্ঠানসমূহ সঞ্চালনা কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে ৷ আদৰণী ভাষণ ৰাখে বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়াই ৷
আমন্ত্ৰিত অতিথি হিচাপে চমু বক্তব্যত নগাঁও জিলাৰ সহকাৰী আৰক্ষী অধীক্ষক (সীমা) ৰুণুমী তেৰাংপীয়ে ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ লগতে বিভিন্ন কো-কাৰিকুলাৰ কাৰ্যৰ লগত জড়িত হৈ নিজকে সুন্দৰভাৱে গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ লগতে অভিভাৱকসকলে যাতে নিজৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত হিচাপতকৈ বেছি চাপ সৃষ্টি নকৰে তাৰবাবে অনুৰোধ জনায় ৷
সমল ব্যক্তি হিচাপে নগাঁও বাৰ এছ'চিয়েশ্বনৰ অধিবক্তাদ্বয় পিংকু গোস্বামী আৰু শ্বাহনাজ চুলতানা উপস্থিত থাকি 'বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ক্ষেত্ৰত শিশুৰ অধিকাৰ' তথা 'শিশুৰ যৌন নিৰ্যাতন প্ৰতিৰোধী আইন' সন্দৰ্ভত ছাত্র-ছাত্রীসকলক আইনৰ বিভিন্ন ধাৰাৰ লগতে বৰ্তমান সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়ায় |
শিশু বন্ধু, নোবেল বটাঁবিজয়ী কৈলাস সত্যাৰ্থীয়ে শিশুসকলৰ বাবে স্থাপন কৰা 'বচপন বচাওঁ আন্দোলন' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ ৰাজ্যিক সমন্বয়ক তথা আইন পৰামৰ্শদাতা হিচাপে অনুষ্ঠানত উপস্থিত থাকি ববিতা শইকীয়াই বৰ্তমান সময়ত সমাজৰ অবহেলিত একাংশ শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি উঠি অহা প্ৰজন্মক ধ্বংসৰ পিনে লৈ যোৱা বিষয়টোৰ ওপৰত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত তত্বগধুৰ বক্তব্য আগবঢ়ায় ৷
মহাপুৰুষ গুৰুজনাৰ বৰগীত পৰিবেশনেৰে বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা কলিতাই শুভাৰম্ভ কৰা শিশু দিৱসৰ কাৰ্যসূচীত যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সমবেত গীতটো পৰিবেশণ কৰাৰ লগতে বটদ্ৰৱাৰ ছাত্ৰীসকলে দশৱতাৰ নৃত্য পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে ৷
অনুষ্ঠানৰ শেষত শিশু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আকস্মিক বক্তৃতাৰ বিজয়ী প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে উদ্যোক্তাসকলে ৷
নগাঁৱত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিশু দিৱস উদ্যাপন
আনহাতে, জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিশু দিৱসটি উলহ-মালহেৰে উদ্যাপন কৰাৰ বাতৰি পোৱা গৈছে । ভাৰতৰ প্ৰথমগৰাকী প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠান, স্বেচ্ছাসেবী অনুষ্ঠান আদিত শিশু দিৱস উদ্যাপন কৰা হয় ।
জিলাখনৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদ্যাপন কৰা হয় । বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক লোকনাথ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিদ্যালয়খনৰ অধ্যক্ষ গকুল চন্দ্ৰ দাসে জৱাহৰলাল নেহৰুৰ জীৱন দৰ্শনৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰি ছাত্ৰ-ছাত্ৰীসকলক ভবিষ্যতে সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় ।
অনুষ্ঠানত বিশিষ্ট অথিতি হিচাপে অংশগ্ৰহণ কৰি নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাই ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধনৰ বাবে সমাজৰ সকলো স্তৰৰ লোকক সামাজিক দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত জ্যেষ্ঠ শিক্ষক গজেন দাস, বিশ্বজিত শৰ্মা, লৱ কুমাৰ শৰ্মা, অনিতা লস্কৰ, শৰৎ ভৰলী, ধ্ৰুৱজ্যোতি মেধিকে ধৰি সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ।
অনুষ্ঠানতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শিশু দিৱস উপলক্ষে গীত-নৃত্য আদি পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে । আনহাতে, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ মুখ্য কাৰ্যালয়ত শিশু দিৱস উদ্যাপন কৰা হয় । এই উপলক্ষে পুৱা চাফাই অভিযান আৰু গছপুলি ৰোপণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছত পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰা হয় ।
দিনৰ ১১ বজাৰ পৰা শিশুসকলৰ মাজত ছবি অঁকা, সাধুকোৱা, গীত-নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ।
- Log in to post comments
- 50 views