প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক : আছুৰ নেতৃত্বত বঙাইগাঁৱত স্মাৰক-পত্ৰ প্ৰদান মন্ত্ৰী ফণীভূষণ চৌধুৰীক

প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক : বঙাইগাঁৱত আছুৰ নেতৃত্বত প্ৰতিনিধি দলৰ ফণীভূষণ চৌধুৰীক সাক্ষাৎ

সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানক্ৰমে মঙলবাৰে বিয়লি বঙাইগাঁও বিধানসভা সমষ্টিৰ অগপ দলৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীক সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত কেবাটাও সংগঠনৰ প্ৰতিনিধি দল এটাই সাক্ষাৎ কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ বাবে ইতিবাচক পদক্ষেপ ল'বলৈ দাবী জনোৱাৰ লগতে এই সম্পৰ্কত তেওঁৰ স্পষ্ট মতামত বিচাৰে ৷

প্ৰতিনিধি দলটোৱে মন্ত্ৰীগৰাকীক বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰী প্ৰাংগণত লগ কৰি এই সন্দৰ্ভত এখন স্মাৰক-পত্ৰও প্ৰদান কৰে ৷ স্মাৰক-পত্ৰ গ্ৰহণ কৰি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে প্ৰতিনিধি দলটোক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুকে ধৰি ২৮টা জনগোষ্ঠীয় সংগঠনে আন্দোলন গঢ়ি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকৰ দাবীৰ প্ৰতি অগপ দলৰ পূৰ্ণ সমৰ্থন থকা বুলি কয় ৷

লগতে এই বিধেয়কৰ বিৰোধিতা কৰি দলে নিজাববীয়াকৈ আন্দোলন অব্যাহত ৰখা বুলি কয় ৷ মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধি দলটোক এই বিধেয়কখন নাকচ কৰাৰ বাবে বা সংসদত যাতে গৃহীত নহয় তাৰবাবে দলে যৎপৰোনাস্তি চেষ্টা চলাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক : বঙাইগাঁৱত আছুৰ নেতৃত্বত প্ৰতিনিধি দলৰ ফণীভূষণ চৌধুৰীক সাক্ষাৎ

ইপিনে প্ৰতিনিধি দলটোৱে সংবাদ মাধ্যমৰ আগত কয় যে এই জাতিধ্বংসী বিধেয়কখন যাতে কোনো কাৰণতে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত জাপি দিব নোৱাৰে তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি মন্ত্ৰীগৰাকীক লগ ধৰি স্মাৰক-পত্ৰ প্ৰদান কৰিছো ৷

এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ দ্বাৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত যি আন্দোলন চলি আছে তাক সমৰ্থন জনাইছে আৰু অনাগত দিনত অসমৰ খিলঞ্জীয়া মানুহৰ হৈ কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলিও প্ৰকাশ কৰে ৷

আনহাতে, মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে আছু আৰু ২৮টা সংগঠনে যিটো সমস্যা লৈ আগবাঢ়ি আহিছে এই সমস্যটো অসমবাসীৰ সমস্যা আৰু আমিও দল হিচাপে ইয়াৰ বিৰোধিতাত আন্দোলন কৰি ৰাজপথত নামিবলগীয়া হৈছে ৷ গতিকে এই ক্ষেত্ৰত তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ প্ৰতি বা তেওঁলোকৰ দাবীৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে ৷

ভবিষ্যতে তেওঁলোকে এই সমস্যা বা ইছ্যুটো সম্পৰ্কত যেতিয়াই আমাক যেনেধৰণে নিৰ্দেশনা দিব আমি তাক পালন কৰিলৈ প্ৰস্তত আছো বুলিও কয় ৷ উল্লেখ্য যে প্ৰতিনিধি দলটোত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থজিৎ ৰায়, সাধাৰণ সম্পাদক মথুৰা বৰ্মন, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন বৰুৱা, বঙাইগাঁও জিলা গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি ফৰিজুল হক, সাধাৰণ সম্পাদক হাছিফুল ইছলাম, বঙাইগাঁও জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰফুল্ল কুমাৰ সূত্ৰধৰ, সাধাৰণ সম্পাদক মিন্টু মেধি, বঙাইগাঁও জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি অমৃত জোজোসহ কেবাগৰাকীও নেতা-কৰ্মী উপস্থিত আছিল ৷
 

Your Comments