পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ অসমবাসীক আহ্বান আক্ৰাছুৰ

s

বিজেপি নেতৃত্বাধীন মিত্ৰ দলৰ চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি আৰু আশ্বাসত ক্ষুদ্ধ হৈ পৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ৷ যাৰ বাবে সংগঠনটোৱে পঞ্চায়ত নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰাটো স্পষ্ট হৈ পৰিছে ৷ আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত মুকলিকৈয়ে আক্ৰাছুৰ নেতৃত্বই সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ বিৰুদ্ধে গাঁৱে গাঁৱে সুমাই ৰাইজৰ মাজত প্ৰচাৰ চলাব বুলি কয় ৷

লগতে কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ লগতে সমূহ অসমবাসী ৰাইজক বিজেপি দলৰ প্ৰাৰ্থীক ভোট নিদিবলৈ আহ্বান জনায় ৷ সংবাদমেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে বিজেপি দল তথা চৰকাৰে কোচ-ৰাজবংশীসকলৰ লগতে অসমবাসীক কৰি অহা প্ৰতাৰণাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়তে ৰাইজে দলটোৰ প্ৰাৰ্থীক ভোট নিদি যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সুবিধা পাইছে ৷ সেয়ে দলটোক এসেকা দিয়া উচিত ৷

এই ক্ষেত্ৰত আক্ৰাছুৱে পঞ্চায়তে পঞ্চায়তে নাগৰিক সভা পাতি বিজেপি দলৰ প্ৰাৰ্থীক ভোটদান নকৰিবলৈ ৰাইজক আহ্বান জনাব আৰু ইতিমধ্যে কাৰ্যসূচীও গ্ৰহণ কৰা বুলি কয় ৷ সংগঠনটোৰ নেতৃত্বই আৰু কয় যে বিজেপি দলৰ লগতে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন অগপ-বি পি এফ মিত্ৰ দলৰ চৰকাৰখনে যোৱা লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ সময়ত কোচ-ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি জনগোষ্ঠীটোক আভুৱাভাৰি অহাৰ লগতে শেহতীয়াভাৱে আলোচনাৰ নামটো বৃহৎ জনগোষ্ঠীটোক বাৰে বাৰে চৰমভাৱে প্ৰতাৰণা কৰি আহিছে ৷

যোৱা ২৬ ছেপ্টেম্বৰতো অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া তিনিজনীয়া কেবিনেট উপ-সমিতিৰ লগত আক্ৰাছু, কোচ-ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ প্ৰতিনিধি দল এটাই আলোচনাত বহিছিল ৷ আলোচনাত আক্ৰাছুই নিৰ্দিষ্ট সময়ৰ ভিতৰত কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰধান মন্ত্ৰী অথবা গৃহমন্ত্ৰীৰ লগত ত্ৰিপাক্ষীক আলোচনা হ'ব লাগে বুলি দাবী কৰিছিল ৷

কেবিনেট উপ-সমিতিয়ে এই সম্পৰ্কত অক্টোৱৰ মাহৰ শেষত নতুন দিল্লীত গৃহমন্ত্ৰী পৰ্যায়ত আলোচনা অনুষ্ঠিত কৰিব বুলি প্ৰস্তাৱ লৈছিল ৷ কিন্তু এতিয়া অক্টোৱৰ মাহ শেষ হৈ নৱেম্বৰ মাহ পৰিল যদিও আলোচনা অনুষ্ঠিত নহ'ল ৷ আমি অসম চৰকাৰে গঠন কৰি দিয়া তিনিজনীয়া কেবিনেট উপ সমিতিখনক মান্যতা দিয়া নাছিলো যদিও আলোচনাৰ জৰিয়তে জনগোষ্ঠীটোৰ দাবী সমাধানৰ স্বাৰ্থত কেবিনেট উপ সমিতিৰ লগত আলোচনাত বহিছিলো ৷

গতিকে আক্ৰাছুই আৰু আলোচনাৰ বাবে চৰকাৰৰ মুখলৈ বাট চাই নাথাকে ৷ আক্ৰাছুই পুনৰ জংগী আন্দোলনত নামি পৰিবলৈ বাধ্য বুলিও কয় ৷ লগতে চৰকাৰৰ এনে প্ৰতাৰণাৰ বাবে ক্ষুদ্ধ হৈ পৰা আক্ৰাছু নেতৃত্বই  ইতিমধ্যে আলোচনাৰ স্বাৰ্থত স্থগিত ৰখা আন্দোলনৰ কাৰ্যসূচী পুনৰ গ্ৰহণ কৰা বুলিও সংবাদ মেলত ঘোষণা কৰে ৷ সেই অনুসৰি আক্ৰাছুৱে অহা ১৪ নৱেম্বৰত জিলাই জিলাই ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰিব ৷

আনহাতে ২০ নৱেম্বৰত কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত গুৱাহাটীত ৰাইজমেল অনুষ্ঠিত কৰাৰ লগতে ২২ নৱেম্বৰত জিলাই জিলাই মটৰ চাইকেল সমদল উলিয়াব ৷ একেদৰে বিজেপিৰ বিৰোধিতা কৰি জিলাই জিলাই অনুষ্ঠিত কৰিব নাগৰিক সভা ৷সেইদৰে  অহা ১৯ ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কাৰ্যসূচীও ঘোষণা কৰিছে ৷ ইয়াৰ পিচতো যদি জনগোষ্ঠীটোৰ দাবীসমূহ চৰকাৰে মানি নলয় তেতিয়াহলে অনিৰ্দিষ্টকালীন ৰে'ল পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে ৷

উল্লেখ্য যে দেওবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত আক্ৰাছু , কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ এখন কাৰ্যনিৰ্বাহক সভাত স্থগিত ৰখা আন্দোলনৰ কাৰ্যসূচী পুনৰ গ্ৰহণ কৰা হয় বুলি আক্ৰাছু নেতৃত্বই সংবাদমেলত সদৰি কৰে ৷ কাৰ্যনিৰ্বাহক সভাত বিজেপি মিত্ৰ দলৰ চৰকাৰে আলোচনাৰ নামত বাৰে বাৰে কৰা প্ৰতাৰণাৰ বাবে বিজেপি দলক প্ৰতাৰক আৰু মিছলীয়া বুলি আখ্যা দি পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীক ভোট নিদিবলৈ কোচ ৰাজবংশীসকলৰ লগতে সমূহ অসমবাসীক আহ্বান জনায় বুলিও কয় ৷

আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে সংবাদমেলত বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰখন যে কোচ ৰাজবংশী বিৰোধী আৰু জনগোষ্ঠীটোৰ দাবী সমাধানত মুঠেও আগ্ৰহী নহয় সেই কথা এতিয়া পৰিস্ফুট হৈছে বুলি কয় ৷ লগতে চৰকাৰখনে যে তিনি বছৰতে সকলো বিষয়তে ওলোটা খৰ মাৰিব সেই কথা সপোনতো ভাৱিব পৰা নাছিল বুলিও কয় ৷ সংবাদ মেলত কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ আৰু আক্ৰাছুৰ কল্যাণ সিংহ আদিও উপস্থিত থাকে ৷

Your Comments