মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
আসন্ন পঞ্চায়ত নিৰ্বাচনত আসন বুজাবুজিৰে অৱতীৰ্ণ হোৱাৰ বাবে শাসকীয় বিজেপি আৰু গণশক্তিৰ মাজত হোৱা প্ৰথমলানি আলোচনাৰ তিনিটা দিন অতিক্ৰম হোৱাৰ পিছতো কোনোধৰণৰ সেউজ সংকেত লাভ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গণশক্তিৰ তৃণমূল কৰ্মীৰ মাজত ।
তেওঁলোকৰ দাবী, দল দুটাৰ মাজত পঞ্চায়ত নিৰ্বাচনক লৈ যদি সমস্যা আছে তেন্তে মিত্ৰতা এৰি বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবপৰাকৈ আগতীয়াকৈ ঘোষণা কৰিব লাগে ।
অন্যথা মনোনয়ন-পত্ৰ দিয়াৰ সময় ওচৰ চাপি অহাৰ লগে লগে অধিক জটিল হ'ব বুলি মতপোষণ কৰিছে । উল্লেখ্য যে শাসকীয় বিজেপি দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ফলাফল উন্নত কৰাৰ উদ্দেশ্য আগত ৰাখি যোৱা ৯ নৱেম্বৰত গড়মূৰ খনাচুকত গণশক্তিৰ সৈতে মিত্ৰতা কৰাৰ বাবে প্ৰথমলানি আলোচনা দুয়ো দলৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হয় ।
বিজেপিৰ হৈ ক্ৰমে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডঃ ৰণোজ পেগু, মুখ্য মন্ত্ৰীৰ প্ৰতিনিধি ৰমেন দত্ত, জিলা সভাপতি দীপক গোস্বামীৰ সৈতে এক প্ৰতিনিধি দল আৰু গণশক্তিৰ হৈ ৰঞ্জিত দলে, প্ৰেমধৰ দলে, উমা পাঠৰী, অনিল শইকীয়া, বিতু নেওক, দেৱজিত পাতিৰ আদি সাতজনীয়া প্ৰতিনিধি দলৰ মাজত হোৱা মিত্ৰতা সম্পৰ্কীয় আলোচনাত গণশক্তিৰ ফালৰ পৰা ৰতনপুৰ মিৰি, চেৰপাই, জেংৰাই, ফুলনি, শ্ৰীলোহিত, কৰতিপাৰ, পকাজৰা আদি সাতটা গাঁও পঞ্চায়তত সভাপতি আৰু লোহিত পৰীয়া, শ্ৰীৰাম, চিলাকলা, আহঁতগুৰি আৰু দক্ষিণ আহঁতগুৰি পঞ্চায়তত আঞ্চলিক সদস্য আৰু দুখন জিলা পৰিষদ আসন বিচাৰি প্ৰস্তাৱ দিয়া হয় ।
এই আলোচনা কৰাৰ তিনিটা দিন অতিক্ৰম হ'ল যদিও বিজেপি দলৰ ফালৰ পৰা গণশক্তি দলে কোনোধৰণৰ সদুত্তৰ লাভ নকৰাত দলটোৱে বিভিন্ন পৰ্যায়ৰ সভা ঘণ্টাই ঘণ্টাই অনুষ্ঠিত কৰি পৰ্যালোচনা চলাইছে । দলটোৰ শীৰ্ষ নেতাই জনোৱামতে, যদি আজি নিশালৈ মিত্ৰতাৰ আসন বুজাবুজিৰ ফলাফল লাভ নকৰে তেন্তে আসন্ন পঞ্চায়ত নিৰ্বাচনত বন্ধুপূৰ্ণভাৱে দলটোৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।
সেইলৈ আজি নিশাৰ ভাগত গড়মূৰত গণশক্তিৰ মাজুলী সমন্বয়ৰক্ষী সমিতিৰ সভা চলি থকা বুলি জানিব পৰা গৈছে । ইপিনে একাংশ পঞ্চায়ত তথা জিলা পৰিষদ সমষ্টিৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলগা গণশক্তিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে গেৰুৱা বসন পিন্ধি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব বুলি বিজেপিৰ পৰা চলোৱা প্ৰচাৰ কাৰ্যত স্বাভাৱিকতে ক্ষুণ্ণ হৈছে দলটোৰ নেতা-কৰ্মীসকল ।
- Log in to post comments
- 13 views