বৰক্ষেত্ৰীৰ বামুনবড়ীত দ্বীনি জলছাহৰ ব্যাপক প্ৰস্তুতি

ে

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ীস্থিত হজৰত ৰমজান শ্বাহ(ৰঃ) ইছলামীয়া মাদ্ৰাছাৰ সৌজন্যত মাদ্ৰাছা প্ৰাংগণত অহা ১৮ নবেম্বৰত নৱম বাৰ্ষিক দ্বীনি জলছাহৰ আয়োজন কৰা হৈছে । পুৱা কোৰাণ পাঠেৰে দ্বীনি জলছাহৰ কাৰ্যসূচী আৰম্ভ হ'ব । পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাই ।

পুৱা ৯.৩০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হ'ব । পুৱা ১০ বজাত আলোচনা-চক্ৰৰ মঞ্চ উদ্বোধন  কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক তথা মাদ্ৰাছাখনৰ পৰিচালনা সমিতিৰ সভাপতি আলহাজ খয়বৰ আলীয়ে । "বিশ্বনবী হজৰত মহম্মদ (ছঃ)ৰ জীৱন চৰিত আৰু বিশ্ব ভাতৃত্ববোধ "শীৰ্ষক আলোচনা-চক্ৰত আলোচক হিচাপে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক নাৰায়ন ডেকা, দেৰগাঁও অসম আৰক্ষী বাহিনীৰ অধিনায়ক আবু চুফিয়ান (আই পি এচ), অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱাল, চামতাস্থিত কামৰূপ মহাবিদ্যালয়ৰ প্ৰবক্তা আব্দুৰ ৰউফ, বিশিষ্ট সাহিত্যিক পৰীক্ষিত বৈশ্য, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্বেখ মোবাৰক হুছেইনকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ   কৰিব ।

দিনৰ ১১ বজাৰ পৰা বামুনবড়ী গাঁও উন্নয়ন কমিটিৰ সভাপতি ফাইজুৰ ৰহমানৰ সঞ্চালনাত ক্বেৰাত পাঠ আৰু গজল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । আবেলি ১ বজাৰ পৰা মধ্য কামৰূপ মহাবিদ্যালয়ৰ আৰবী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ চফুৰ আলীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব ।

মুকলি সভাত মুখ্য অতিথি হিচাপে ৰতনপুৰী দ্বামাদ বৰকাতুহুমৰ বাছকান্দি হুজুৰ(ৰঃ)ৰ শ্ৰেষ্ঠ খলিফা শ্বেইখুল মাশ্বাইখ কুতবে জামান হজৰত আলহাজ আল ক্বাৰী শ্বেইখ আলাউদ্দিন, বিশিষ্ট বক্তা হিচাপে ক্ষুদ্ৰ ফালাদিৰ আঞ্চলিক দাৰুল উলুম আলিয়া মাদ্ৰাছাৰ নাইবে মুহতামিম হজৰত মৌলানা আদিব বদৰুদ্দিন আল-কাছিমি, নিৰ্দিষ্ট বক্তা আৰু আমন্ত্ৰিত অতিথি হিচাপে কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকিব ।

ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হোৱা দ্বীনি জলছাহৰসমূহ কাৰ্যসূচীত ধৰ্ম প্ৰাণ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে জলছাহ উদযাপন সমিতিৰ সভাপতি সম্পাদক ক্ৰমে গিয়াছউদ্দিন আহমেদ আৰু চামচুদ্দিন আহমেদে ।

Your Comments