দীপাৱলীৰ উচাহৰ মাজতে আজি বিয়লিৰ ভাগত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশালত থকা ৰিলায়েন্স জিঅ'ৰ টাৱাৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ভস্মীভূত হয় টাৱাৰৰ ডিজিটো । শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ ব্যক্ত কৰে টাৱাৰৰ এগৰাকী কৰ্মচাৰীয়ে ।
উল্লেখ্য যে আজি দিনৰ ভাগতেই দৌলাশালত থকা এন এ আৰ আই ৬০১১ নং টাৱাৰটোৰ উক্ত ডিজিটো মেৰামতি কৰিছিল অভিযন্তা দীপেন মেধি আৰু টেকনেচিয়ান কৈলাশ কলিতাই । ডিজিটো মেৰামতি কৰাৰ পিছত পৰীক্ষা নকৰাকৈ গুছি যোৱাৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ।
দৌলাশাল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় । আনহাতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপণ কৰে । ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে অঞ্চলবাসী । ডিজিটো সম্পূৰ্ণ ভষ্মীভূত হোৱাৰ ফলত জিঅ' সেৱাৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰি গ্ৰাহকে অতি শীঘ্ৰে ডিজিৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ।
- Log in to post comments
- 7 views