এতিয়া শৰতৰ বতৰ । এই শৰততেই উদযাপন কৰা হয় শ্ৰীকৃষ্ণৰ ৰাস-লীলা মহোৎসৱ আৰু এই ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান দিন । গাঁৱৰ নামঘৰে নামঘৰে দেখা গৈছে ৰাস-লীলা উদযাপনৰ ব্যাপক প্ৰস্তুতি । খোল-তালৰ সুমধুৰ শব্দই আপ্লুত কৰিছে সকলোকে । পিছপৰি ৰোৱা নাই কামপুৰৰ কপিলীপাৰৰ জীয়ৰী-বোৱাৰীসকল ।
কামপুৰৰ কাৱৈমাৰী গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰিব লোৱা ৰাসমহোৎসৱৰ আখৰাত জীয়ৰী-বোৱাৰীসকলে এনেদৰেই খোলৰ চেৱে চেৱে ককাল ঘূৰাই নাচি আপোন-পাহৰা হোৱা দেখা গৈছে ।
- Log in to post comments
- 13 views