বামুণবড়ীত ছহিদ সোঁৱৰণী ফুটবলৰ চূড়ান্ত খিতাপ বঙাইগাঁৱৰ ইলিভেন ষ্টাৰ ক্লাব

ে

বঙাইগাঁৱৰ ইলিভেন ষ্টাৰ ক্লাবে বামুণবড়ী মুলাঘাটা মিলন সংঘৰ উদ্যোগত বামুণবড়ী খেলপথাৰত  অনুষ্ঠিত ২৬তম বাৰ্ষিক ছহিদ সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ দখল কৰিছে । কালি অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত বঙাইগাঁৱৰ ইলিভেন ষ্টাৰ  ক্লাবে সোণাপুৰ প্ৰগতি যুৱ  সংঘক ১-০ গলত পৰাস্ত কৰি বিজয়ী  হয় ।

খেলৰ ২৫ মিনিটত বিজয়ী দলটোৰ হৈ গল দিয়ে তপেশ্বৰ ৰাভাই । খেলখন উদ্বোধন কৰে বৰক্ষেত্ৰীৰ স্থানীয়  বিধায়ক নাৰায়ণ  ডেকাই । খেলৰ অন্তত  বামুণবড়ী গাঁও উন্নয়ন  সমিতিৰ সভাপতি ফাইজুৰ ৰহমানৰ পৌৰোহিত্যত এখন বঁটা  বিতৰণী সভা অনুষ্ঠিত হয়।

ৈ

বামুণবড়ী মুলাঘাটা মিলন সংঘৰ সভাপতি ইউচুফ হুছেইন তালুকদাৰে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী দলৰ লগতে আন আন বঁটাসমূহ প্ৰদান  কৰা হয় ।

অনুষ্ঠানটোত চতুৰ্দশ অসম  আৰক্ষী বাহিনীৰ অধিনায়ক দেবেন্দ্ৰ ডেকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । কালিৰ খেলখন পৰিচালনা কৰে গোকুল দাস, অৰূপ হালৈ, বিশ্বজিৎ ভূঞা আৰু আকিল জামানে । মেচ কমিচনাৰ হিচাপে  দায়িত্ব পালন কৰে বিকাশ ভট্টাচাৰ্যই ।

Your Comments