বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কুকাৰজানৰ ওপৰত খংৰা-ছনেৰট্টাৰী সংযোগী কাঠৰ দলঙখন আজি শুভ উদ্বোধন কৰে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই । খংৰা-ছনেৰট্টাৰীৰ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যা দূৰ কৰিবলৈ স্থাপন কৰা হৈছে এই কাঠৰ দলংখন । আজি দলংখন আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়াত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰে ।
এম জি এনৰেগা আঁচনিৰ ২০১৭/১৮ বিত্তীয় বৰ্ষৰ অধীনত ৩৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা উক্ত দলংখন উদ্বোধন কৰি বিধায়ক নাৰায়ণ ডেকাই এম জি এনৰেগাৰ ধন সদব্যৱহাৰ কৰিলেহে ৰাইজৰ উন্নয়ন ত্বৰান্বিত হ'ব বুলি উল্লেখ কৰে । চেঙা মণ্ডল বিজেপিৰ সভাপতি সঞ্জয় মজুমদাৰৰ সভাপতিত্বত দলং উদ্বোধনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় যুৱক দেৱান আব্দুল আলিমে ।
সভাখনত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসে উপস্থিত থাকি ভাষণ প্ৰসংগত চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ আৰু কংগ্ৰেছৰ কাম-কাজক তীব্ৰ সমালোচনা কৰে।
বিজেপিৰ সংখ্যালঘু নেতা ধনী আলী , চেঙা ব্লক মণ্ডল বিজেপিৰ সম্পাদক মহানন্দ পাঠক, চেঙা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত গোস্বামী, কনিষ্ঠ অভিযন্তা তমিজ উদ্দিন আহমেদকে ধৰি কেইবাগৰাকী দলীয় কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে বিধায়ক নাৰায়ণ ডেকাই বিগত বছৰৰ ২১ ছেপ্টেম্বৰত প্ৰায় ৫০ মিটাৰ দৈৰ্ঘ্যৰ উক্ত দলংখনৰ আধাৰ শিলা স্থাপন কৰিছিল ।
- Log in to post comments
- 5 views