বৰ্ষীয়ান লেখক অৱনী বৰঠাকুৰৰ আত্মজীৱনী “অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কৰ্মীৰ স্মৃতি কথা” উন্মোচন

a

দেশৰ ৰাজনৈতিক সমাজ ব্যৱস্থাক পুঁজিবাদে গ্ৰাস কৰাৰ সময়তে প্ৰবীণ বাঁওপন্থী নেতা তথা বিশিষ্ট লেখক অৱনী বৰঠাকুৰে লিখি উলিয়াইছে "অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কর্মীৰ স্মৃতি কথা" নামৰ আত্মজীৱনী । ৯০ বছৰীয়া লেখকগৰাকীয়ে লিখি উলিওৱা আত্মাজীৱনীখন আজি উন্মোচন কৰে গুৱাহাটী মহানগৰীৰ ৰাজ্যিক সংগ্ৰহালয় কনকলাল বৰুৱা প্ৰেক্ষাগৃহত ।

a

দিনৰ ১১ বজাত আখৰ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা বৰ্ষিয়ান লেখকগৰাকীৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে । বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক নিত্য বৰা,  কটন কলেজৰ প্ৰাক্তন অধ্যাপক উদয়াদিত্য ভৰালী প্ৰমুখ্যে বহুত গণ্য-মান্য ব্যক্তি ।

ইফালে আকৌ গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১ বজাত বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ২০১৭-১৮ বর্ষ অন্যতম শ্রেষ্ঠ নাট "মানুহ খোৱা বাঘ"ক গ্ৰন্থাকাৰে উন্মোচন কৰা হয় । বিশিষ্ট অভিনেতা যোগেশ কাশ্যপে লিখি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে অভিনেতা মৃদুল ভূঞাই । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য । উল্লেখযোগ্য যে যোৱাবর্ষত ইতিহাস থিয়েটাৰত দর্শকৰ বিপুল সমাদৰ লাভ কৰিছিল নাটকখনে ।

Your Comments