দৰং জিলা প্ৰশাসনৰ উদ্যোগত শান্তি সমিতিৰ সভা

দৰং জিলা প্ৰশাসনৰ উদ্যোগত শান্তি সমিতিৰ সভা

দৰং জিলাৰ উপায়ুক্ত কাৰ্যলয়ত দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা পৰ্যায়ত শান্তি সমিতিৰ সভা ।  ধলাত সংঘটিত বৰ্বৰ ঘটনাৰ পিছত যাতে দৰং জিলাত এই ঘটনাৰ প্ৰভাৱ নপৰে তাৰ কাৰণে জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, জিলা আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিৰ উপস্থিতিত বিভিন্ন দল-সংগঠন, জ্যেষ্ঠ নাগৰিক, সাংবাদিকে একেলগে শান্তি সমিতিৰ সভা অনুষ্ঠিত কৰে ।

দৰং জিলা প্ৰশাসনৰ উদ্যোগত শান্তি সমিতিৰ সভা

 সমগ্ৰ ঘটনাটোক সকলো পক্ষই গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ গইনা লৈ গোষ্ঠীগত সংঘৰ্ষৰ বিষবাষ্প যাতে কোনেও বিয়পাব নোৱাৰে তাৰ কাৰণে জিলা প্ৰশাসন, জিলা আৰক্ষীক তীব্ৰভাৱে দমন কৰিবলৈ সাজু কৰিছে বুলি জানিবলৈ দিয়ে সাংবাদ মাধ্যমক  । 

লগতে ছ'চিয়েল মিডিয়াত উচটনিমূলক মন্তব্য দিয়াসকলক তীব্ৰভাৱে দমন কৰিবলৈ সাজু থকা বুলি জনায় আৰক্ষী অধীক্ষকে ।

Your Comments