বটদ্ৰৱাত দিন দুপৰতে ডকাইতে লুটি নিলে লক্ষাধিক টকাৰ সোণৰ গহনা 

েে

বটদ্ৰৱা আৰক্ষী নিৱেশৰ অন্তৰ্গত বটদ্ৰৱা সৰুহিছা গাঁৱবাসীৰ লগতে নগাঁও আৰক্ষীক আতংকিত কৰি আজি দিন দুপৰতে এক ডকাইতিৰ ঘটনা সংঘটিত হোৱা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

 
জানিব পৰা মতে, বটদ্ৰৱা সৰুহিছা গাঁৱৰ নিবাসী উপেন কাকতি আৰু তেখেতৰ পত্নী সুমিত্ৰা খাটনিয়াৰ ঘৰত দুপৰীয়া ভাগতে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এচি বৰ্ডৰ ওপৰ চাং ভাঙি ঘৰত প্ৰৱেশ কৰি লুট পাট কৰি নিয়ে ৷ 

বিদ্যালয়ত চাকৰি কৰা সুমিত্ৰা খাটনিয়াৰ বিয়লি ঘৰলৈ ওভতি আহি ভিতৰৰ কোঠাৰ এচি বৰ্ড ভাঙি থকাৰ লগতে ভিতৰৰ কোঠা আৰু পিছফালৰ দুৱাৰ খুলি থকাৰ ওপৰিও সামগ্ৰীবোৰ চেদেলি-ভেদেলি হৈ থকা দেখিবলৈ পায় হুলস্থুল কৰাত ওচৰৰ লোকসকলে গোট খোৱাত দিনটে ডকাইতি হোৱাৰ বিষয়টো পোহৰলৈ আহে ৷ 

পিছত ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে বুলি জানিব পৰা গৈছে ৷ গৃহস্থ উপেন কাকতিয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, ডকাইতে বহু চেষ্টা কৰিও দুটা গডৰেজৰ তলা ভাঙিবলৈ সক্ষম নহ'ল যদিও বাহিৰত থকা পাচঁটা সোণৰ আঙঠি, সোণৰ চেইন এডাল, সোণৰ খাৰু চাৰিজোৰ, সোণৰ কানফুলি এজোৰ, ম'বাইল হেণ্ডচেট তিনিটা সহ কেইবাজোৰো কাহঁৰ কাহি-বাতিকে আদি কৰি বঁটা-চৰিয়া লুট কৰি নিয়ে ৷ দিন দুপৰতে বটদ্ৰৱা গাঁৱৰ মাজ-মজিয়াত সংঘটিত হোৱা ডকাইতি ঘটনাই অঞ্চলবাসীক শংকিত কৰি তুলিছে ৷ আৰক্ষীক এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহন কৰিবলৈ ৰাইজে দাবী জনাইছে ৷
 

Your Comments