চাকৰি দিয়াৰ নামত ধন শ-শ নিবণুৱাৰ ধন আত্মসাত কৰাৰ অভিযোগত আজি উত্তৰ গুৱাহাটীৰ ৰাইজে হাতে-লোতে কৰায়ত্ত কৰে দুই প্ৰবঞ্চকক । আটক কৰা প্ৰবঞ্চক দুজনৰ নাম হৈছে হৈছে মুকুন্দ তালুকদাৰ আৰু দিলীপ ডেকা । উল্লেখ যোগ্য যে ইয়াৰ পূৰ্বেও এই প্ৰৱঞ্চক দুজনে উক্ত অঞ্চলৰ পৰা সংগ্ৰহ কৰিছিল চাকৰি দিয়া নামত আগধন । আজি পুনৰ ডেৰ লাখ টকা নিবলৈ আহোঁতে অঞ্চলটোৰ ৰাইজে হাতে লোতে আটক কৰে লোক দুজনক । আটক কৰা লোক দুজনৰ পৰা ৰাইজে উদ্ধাৰ কৰিছে বন বিভাগৰ ভূৱা নিযুক্তি পত্ৰ । ইয়াৰ উপৰিও বহুতো নিবনুৱা যুৱকৰ আবেদন পত্ৰ ।
- Log in to post comments
- 7 views