২০সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে গ্ৰন্থমেলা আয়োজনৰ প্ৰাৰম্ভিক প্ৰস্তুতি । পূৰ্বৰ নিয়ম অনুসৰি এইবাৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব লগা ২৫০খন বিপনীৰ ঠাই আবন্টনৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱত লটাৰী প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যায় । ভালে সংখ্যক প্ৰকাশগোষ্ঠীৰ উপস্থিতিত এই লটাৰী প্ৰক্ৰিয়াটো আগবঢ়াই নিয়ে সত্য প্ৰসাদ ডেকা, অধিৱক্তা বিষ্ণুপ্ৰসাদ কুমাৰ, ঘনশীয়াম নাথ, সাহিত্যক বিৰাজ কুমাৰ হাজৰিকা উপস্থিত থাকে ।
অৱশ্যে চৰকাৰী বিপনীৰ বাবে লটাৰী ব্যৱস্থা কৰা হোৱা নাই বুলিও জানিবলৈ দিয়ে । তেওঁ লোকৰ বাবে ষ্টলসমূহ ৰিজাৰ্ভ ৰখা আছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে । উল্লেখ যোগ্য যে এইবাৰ গ্ৰন্থমেলাখনত সৰ্বমুঠ ১৭০টা প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে ।
ইয়াৰ উপৰিও তেওঁলোকে কয় বাংলাদেশৰ তিনিটা প্ৰকাশক গোষ্ঠীৰ লগতে এইবাৰ গ্ৰন্থমেলাত প্ৰথমবাৰৰ বাবে মুম্বাই প্ৰকাশক গোষ্টীয়েও অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে । অহা ৯ নৱেম্বৰ পৰা ২০নৱেম্বৰ লৈ অনুস্থিত হ'ব লগা ২০ সংখ্যক গ্ৰন্থমেলাখনৰ লাইখুঁটা স্থাপন কৰা হ'ব অহা ১নৱেম্বৰ দিনৰ ১১বজাত চানমাৰি অভিযান্ত্ৰিক খেল পথাৰত ।
উল্লেখ যোগ্য যে এইবাৰ গ্ৰন্থমেলাত ৩০০ পৰা ৪০০ নতুন কিতাপ উপলব্ধ হ'ব বুলি উল্লেখ কৰিছে । সেই হিচাপে এইবাৰ গ্ৰন্থমেলাত কিতাপ বিক্রীয়ে অভিলেখ সৃষ্টি কৰিব বুলিও আশা কৰিছে সদৌ অসম প্ৰকাশন পৰিষদ আৰু বিক্ৰেতা সন্থাই । উল্লেখ যোগ্য যে যোৱা বছৰ গ্ৰন্থমেলাত সৰ্বমুঠ আয় হৈছিল ২.৫০ কোটি টকা ।
ইয়াৰ উপৰিও আয়োজক সমিতিয়ে জনোৱা মতে এইবাৰ গ্ৰন্থমেলাত চৰকাৰ প্ৰকাশক গোষ্টীয় অংশগ্ৰহণ কৰিব নাই এতিয়ালৈকে আয়োজক সমিতি লগত কোনো যোগাযোগ কৰা নাই বুলিও উল্লেখ কৰিছে । আয়োজক সমিতিয়ে তেওঁলোকৰ লগত যোগাযোগ কৰিছে যদিও এই বিষয়ত তেওঁলোকে মৌন ব্ৰত অৱলম্বন কৰা বুলিও জানিবলৈ দিছে ।
ইফাল এইবাৰ উত্তৰ-পূব গ্ৰন্থমেলা ৯ নৱেম্বৰ তাৰিখৰ দিনা শুভ উদ্বোধন কৰিব সাহিত্যক ইয়ে ছে দৰজে ঠংচিয়ে । ইয়াৰ উপৰিও মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কনক সেন ডেকা, ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, বিনীতা জৈন প্ৰমুখ্যে ভালে সংখ্যক গণ্য মান্য ব্যক্তি ।
- Log in to post comments
- 7 views