বঙাইগাঁও গ্ৰন্থ উৎসৱ : গীতালী বৰুৱাৰ গ্ৰন্থ 'নেতাই ধুবুনীৰ দেশৰ কথা' উন্মোচন

বঙাইগাঁও গ্ৰন্থ উৎসৱ : গীতালী বৰুৱাৰ গ্ৰন্থ 'নেতাই ধুবুনীৰ দেশৰ কথা' উন্মোচন

বঙাইগাঁও গ্ৰন্থ উৎসৱ সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত বঙাইগাঁৱৰ গান্ধী ময়দানত সাতদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা গ্ৰন্থ উৎসৱ আৰু জনগোষ্ঠীয় খাদ্যমেলাৰ বৃহস্পতিবাৰে দ্বিতীয় দিনা সন্ধিয়া এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় ৷

গ্ৰন্থ উৎসৱস্থলীত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কবি, সাহিত্যিক গীতালী বৰুৱাৰ 'নেতাই ধুবুনীৰ দেশৰ কথা' শীৰ্ষক প্ৰথমখন প্ৰবন্ধ সংকলন উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তথা সহকাৰী অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই ৷

বঙাইগাঁও গ্ৰন্থ উৎসৱ : গীতালী বৰুৱাৰ গ্ৰন্থ 'নেতাই ধুবুনীৰ দেশৰ কথা' উন্মোচন

অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ কবি প্ৰতীম বৰুৱাই আঁতধৰা অনুষ্ঠানত সাহিত্যিক গীতালী বৰুৱাৰ লগতে তেওঁৰ স্বামী তথা চিকিৎসক অখিল বৰুৱাও উপস্থিত থাকে ৷

উল্লেখ্য যে গুৱাহাটীৰ বি আৰ বুক ষ্টলে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনত আশাৰীকান্দি, টেৰাকোটা শিল্পৰ আলোড়নকাৰী ক্ষেত্ৰ, পূজা, পোহৰৰ শিল্পী বিষ্ণু প্ৰসাদ ৰাভা, ঐতিহাসিক নেতাই ধুবুনী ঘাট, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে অলপমান, প্ৰতিমা বৰুৱা পাণ্ডেৰ ব্যক্তিগত কিছু কথাৰ আঁতধৰি, শৰৎ চন্দ্ৰ সিংহ আৰু ৰত্নপীঠ কলেজ, গুৰু টেগবাহাদুৰ, কুশান গানৰ পৰম্পৰাৰ আঁতধৰি আদিকে কৰি মুঠ ২২টা প্ৰবন্ধ সন্নিবিষ্ট হৈছে ৷

বঙাইগাঁও গ্ৰন্থ উৎসৱ : গীতালী বৰুৱাৰ গ্ৰন্থ 'নেতাই ধুবুনীৰ দেশৰ কথা' উন্মোচন

ইপিনে গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হয় বাৰ্তালাপ অনুষ্ঠান ৷ অনুষ্ঠানত বিশিষ্ট কবি নীলিম কুমাৰ বিশিষ্ট গল্পকাৰ আৰু ঔপন্যাসিক প্ৰশান্ত কুমাৰ দাস, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি আৰু বিশিষ্ট অনুবাদক বিবেকানন্দ চৌধুৰী উপস্থিত থাকে ৷

ইপিনে সন্ধিয়া অনুষ্ঠিত হয় সংস্কৃতিক অনুষ্ঠান ৷
 

Your Comments