লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লংকা-লামডিং পথত পথ দুৰ্ঘটনা ৷ লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ বামুণগাঁৱত লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰৰ স্কৰপিঅ' বাহন আৰু লংকা বিদ্যুৎ বিভাগৰ বয়বস্তু কহিওৱা বলেৰ' পিকআপ ভানৰ মাজত হয় এই মুখামুখী সংঘৰ্ষ ৷
সংঘৰ্ষত লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰকে ধৰি গাডীত অহা কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ আহতকেইজনক লংকা প্ৰাথমিক চিকিৎলয়লৈ প্ৰেৰণ কৰা হয় | স্বপন কৰকে ধৰি আহতকেইজন ক্ৰমে হৰি শৰ্মা, ৰত্নেশ্বৰ ৰয় আৰু চুতন দত্ত গুপ্তা ৷
দুর্ঘটনাগ্ৰস্ত হোৱা প্ৰাক্তন বিধায়কগৰাকীৰ বাহনখনৰ নম্বৰ এ এছ-০১ বি ভি-৪৩৬৩ ৷ লংকা বিদ্যুৎ বিভাগৰ গাডীখন ভুল দিশেৰে লংকাৰ পৰা লামডিং দিশত আহি থকাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷
- Log in to post comments
- 61 views