ৰাষ্ট্ৰীয় জল বঁটাত অংশগ্ৰহণ কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনৰ আহ্বান

ৰাষ্ট্ৰীয় জল বঁটাত অংশগ্ৰহণ কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনৰ আহ্বান

ভাৰত চৰকাৰৰ জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ মন্ত্ৰণালয়ে চলিত বৰ্ষৰ ডিচেম্বৰ মাহ আৰু ২০১৯ বৰ্ষৰ জানুৱাৰী মাহত দিল্লীত ৰাষ্ট্ৰীয় জল বঁটা-২০১৮ প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷

এই সন্দৰ্ভত বঙাইগাঁও জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ টোকাত উল্লেখ কৰামতে, দেশৰ ৰাজ্য, জিলা, গাঁও, পৌৰ নিগম, পৌৰ নিকায়, বিদ্যালয়, টিভি শ্ব', বাতৰি আদিৰ ভিতৰত যিসকলে পানী সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাল কাম কৰিছে, সেইসকলৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য, শ্ৰেষ্ঠ জিলা, শ্ৰেষ্ঠ গাঁও, শ্ৰেষ্ঠ পৌৰ নিগম, শ্ৰেষ্ঠ পৌৰ নিকায়, শ্ৰেষ্ঠ বিদ্যালয়, শ্ৰেষ্ঠ টিভি শ্ব', শ্ৰেষ্ঠ বাতৰিকাকত  হিচাপে ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান কৰা হ'ব ৷

সেয়ে ৰাষ্ট্ৰীয় জল বঁটা-২০১৮ত বঙাইগাঁও জিলাৰ বিভিন্ন গাঁও, পৌৰ নিগম, পৌৰ নিকায়, বিদ্যালয় আদিক এই বঁটাৰ বাবে অংশগ্ৰহণ কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনৰ পৰা আহ্বন জনাইছে ৷

এই ক্ষেত্ৰত চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বোৰ্ডক ন'ডেল এজেন্সী হিচাপে বাছনি কৰা হৈছে ৷ অধিক তথ্যৰ বাবে www.mowr.gov.in অথবা www. cgwb.gov.in ৱেবছাইট চাব পাৰিব বুলিও উল্লেখ কৰিছে ৷

Your Comments