ধুবুৰীৰ পৰা আমিনুৰ আহমেদ
মানকাচৰৰ তেলডালাৰ ৰফিক আলী হত্যাকাণ্ডৰ দুগৰাকী আচামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আচামী দুগৰাকী ক্ৰমে ৰবিয়াল হক শিকদাৰ (১৯) আৰু ৰৌচন আলী (৩২) ।
ৰবিয়াল হক শিকদাৰক গুৱাহাটী আৰু ৰৌচন আলীক মানকাচৰৰ কুচনীমাৰা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰফিকুল ইছলামৰ নেতৃত্বত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে ।
উল্লেখ্য যে যোৱা ১৯ তাৰিখৰ নিশা মানকাচৰ থানাৰ অন্তৰ্গত তেলডালাৰ ছোৰহাব আলীৰ পুত্ৰ ৰফিক আলীৰ ডিঙি কাটি হত্যা কৰিছিল দুয়োৱে । পিছদিনা বৌবজাৰৰ কাষৰ ৰেচম পাহাৰৰ হাবিত উদ্ধাৰ হৈছিল মৃতদেহ ।
ঘটনা সন্ধৰ্ভত মানকাচৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত ৭৩০/১৮ নম্বৰত এটা গোচৰ ৰুজু হৈ আছে ।
- Log in to post comments
- 15 views