মাজুলীৰ অযোধ্যা চাপৰিত অৱস্হান এহাল গঁড়ৰ : কাজিৰঙালৈ খেদি নিয়াত ব্যৰ্থ বন বিভাগ

মাজুলীৰ অযোধ্যা চাপৰিত অৱস্হান এহাল গঁড়ৰ : কাজিৰঙালৈ খেদি নিয়াত ব্যৰ্থ বন বিভাগ

কাজিৰঙাৰ পৰা ওলাই অহা এহাল গঁড় মাজুলীৰ পৰা খেদি নিয়াত চৰম ব্যৰ্থ ৰাজ্যৰ বন বিভাগ । তিনি দিন ধৰি ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙালৈ এহাল গঁড় মাজুলী আঁহতগুৰিৰ পৰা খেদি নিয়াৰ বাবে গোলাঘাট জিলাৰ বনকৰ্মী, ৱাইল্ড লাইফৰ তেৰজনীয়া, মাজুলীৰ চাৰিজনীয়া বনকৰ্মী মুঠ সোতৰজনীয়া এটা বৃহৎ দলে বিভিন্ন কৌশল প্ৰয়োগ কৰি অহৰহ চেষ্টা চলাইছে যদিও বিফল হৈছে বন বিভাগৰ কৰ্মচাৰীসকলে ।

শূন্যলৈ গুলীচালনা কৰিও সফল নোহোৱাত বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে নিৰাপত্তাজনিত কাৰণত বাৰুকৈয়ে শ'লঠেকত পৰিছে । বন বিভাগে জনোৱামতে, অসম সম্পদ এশিঙীয়া গঁড় দুটা বৰ্তমান দক্ষিণ মাজুলী আৰক্ষী থানাৰ অন্তৰ্গত আঁহতগুৰি গাঁও পঞ্চায়তৰ অযোধ্যা চাপৰিৰ নামনি অংশত অৱস্থান কৰিছে ।

উল্লেখ্য যে কাজিৰঙা বন বিভাগৰ নিৰাপত্তাক অংগুষ্ঠ প্ৰদৰ্শন কৰি যোৱা ২২ অক্টোবৰত কাজিৰঙাৰ পৰা ওলাই অহা গঁড় দুটাই যোৱা দুটা দিনত মাজুলীৰ কংস আৰু অযোধ্যা চাপৰিত অৱস্থান কৰা পৰিলক্ষিত হৈছে ।

কোনো দুষ্কৃতিকাৰীৰ হাতত যাতে গঁড় দুটা নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সোতৰজনীয়া দলে ইতিমধ্যে মাজুলীৰ আঁহতগুৰি গাঁও পঞ্চায়তৰ কাচিকটাত বাহৰ পাতি গঁড়হালক নিৰীক্ষণ কৰি আছে ।

Your Comments