কাইলৈৰ পৰা খালৈগাঁৱৰ শ্ৰীশ্ৰী জগতগুৰু পুথিভঁৰালৰ সোণালী জয়ন্তী

কাইলৈৰ পৰা খালৈগাঁৱৰ শ্ৰীশ্ৰী জগতগুৰু পুথিভঁৰালৰ সোণালী জয়ন্তী

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

১৯৬৮ চনৰ ১৫ আগষ্টত নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং অঞ্চলৰ অন্তৰ্গত খালৈগাঁৱত কেইগৰাকীমান দূৰদৰ্শী ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টা আৰু সু-চিন্তাৰ ফচলৰূপে জন্মলাভ কৰা শ্ৰীশ্ৰী জগতগুৰু পুথিভঁৰালে এই বৰ্ষত গৌৰৱোজ্জ্বল ৫০সংখ্যক বৰ্ষত ভৰি দিলে ।

তদুপলক্ষে বৃহত্তৰ অঞ্চলটিৰ শৈক্ষিক, বৌদ্ধিক উত্তৰণত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা অনুষ্ঠানটিৰ সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপন কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব ।

কাৰ্যসূচী অনুসৰি, পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পিছত দিনৰ ১০.৩০ বজাত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব । বিয়লিলৈ এখনি আলোচনা-চক্ৰ অনুষ্ঠিত হোৱাৰ অন্তত সন্ধ্যা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়িত হ'ব ।

সন্ধ্যা ৭ বজাৰ পৰা স্থানীয় মহিলাসকলৰ দ্বাৰা 'হৰিশ্চন্দ্ৰ পালা' মঞ্চস্থ কৰা হ'ব । ২৭ অক্টোবৰৰ পুৱা বৃক্ষৰোপণ কাৰ্যসূচী আৰু দিনৰ ভাগত কবিতা আবৃত্তি, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

সন্ধ্যালৈ আমন্ত্ৰিত কেইবাজনো জনপ্ৰিয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ'ব । আনহাতে, ২৮ অক্টোবৰত পুৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ অন্তত দিনৰ ১ বজাত এক মুকলি আলোচনা-চক্ৰ অনুষ্ঠিত হ'ব, য'ত মুখ্য অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা ।

শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত ডঃ সঞ্জীৱ বৰকাকতিৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগা আলোচনা-চক্ৰখনিত বিশিষ্ট অতিথিৰূপে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা আৰু বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতিয়ে অংশ লোৱাৰ লগতে নিৰ্দিষ্ট বক্তাৰূপে ভাগ ল'ব সাহিত্যিকদ্বয় দেৱাংগ পল্লৱ শইকীয়া আৰু শৰ্মিষ্ঠা প্ৰীতমে ।

সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত মৰিগাঁৱৰ সাঁচিপাত গোষ্ঠীৰ দ্বাৰা 'খোলবাদন আৰু ভোৰতাল নৃত্য', ধিঙৰ সমন্বয় গোষ্ঠীৰ 'বাঁহীবাদন', কৰ্কট ৰোগীসকলৰ সাহায্যাৰ্থে 'অকিলিচ আছাইকেডৰ সংগীতানুষ্ঠান' আৰু শিল্পী জুমন গায়নৰ সত্ৰীয়া অনুষ্ঠান আদি পৰিবেশন কৰা হ'ব ।

নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী জিতু শ্ৰাৱণকে ধৰি কেইবাজনো আগশাৰীৰ কণ্ঠশিল্পীয়ে সংগীতানুষ্ঠান পৰিবেশন কৰিব বুলি সোণালী জয়ন্তী উদ্‌যাপন সমিতিৰ সম্পাদক নেত্ৰকমল মহন্তই জানিবলৈ দিছে ।

খালৈগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা তিনিদিনীয়া কাৰ্যসূচীত বৃহত্তৰ হাতীচোং অঞ্চলৰ সমূহ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে ।

Your Comments