সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ জিলাৰ সদৰ সোণাৰিত লক্ষ্মীপূজাৰ দিনা ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী তপন কুমাৰ গগৈয়ে ৭টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে ।
অন্যহাতে, সোণাৰি নগৰৰ কাষেৰে বৈ যোৱা টাওকাক নদীৰ গৰাখহনীয়া ৰোধৰ বাবে এক কোটিটকীয়া প্ৰকল্প নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী তপন গগৈয়ে ।
উল্লেখ্য যে দীৰ্ঘদিন বিধস্ত হৈ পৰা পথৰ বাবে যমৰ যান্ত্ৰনা ভুগি অহা সোণাৰিবাসীয়ে মন্ত্ৰীগৰাকীৰ এই পদক্ষেপক আদৰণি জনাইছে ।
- Log in to post comments
- 11 views