নগাঁৱত নিচাযুক্ত দ্ৰব্যৰ আসক্তি দূৰীকৰণ-গৱেষণা কেন্দ্ৰ স্থাপন

নগাঁৱত নিচাযুক্ত দ্ৰব্যৰ আসক্তি দূৰীকৰণ-গৱেষণা কেন্দ্ৰ স্থাপন

নগাঁৱৰ পৰা ৱাহিদুদ জামান

অতি সম্প্ৰতি মদ-ড্ৰাগছৰ সুলভ প্ৰচলনে নৱ-প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ সময়ত ইয়াক ৰোধ কৰাৰ বাবে নগাঁৱৰ এগৰাকী যুৱকৰ প্ৰচেষ্টাত অলপতে স্থাপন কৰা হৈছে নিচাযুক্ত দ্ৰব্যৰ আসক্তি দূৰীকৰণ আৰু গৱেষণা কেন্দ্ৰ নামৰ এখন চিকিৎসা প্ৰতিষ্ঠান ।

চহৰখনৰ মৰিকলং আৰক্ষী চকীৰ অন্তৰ্গত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এইচ পি পেট্ৰ'ল পাম্পাৰ সমীপত স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে নিচাসক্ত লোকক বিজ্ঞানসন্মতভাৱে চিকিৎসা সেৱা কৰি এক নতুন জীৱন দিয়াৰ লক্ষ্য স্থিৰ কৰিছে মহিউদ্দিন নামৰ যুৱকজনে ।

এসময়ত নিজে এজন ড্ৰাগছ আসক্ত হৈ পৰৱৰ্তী সময়ত ইয়াৰ ভয়াৱহতা উপলব্ধি কৰা এইজন শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠা কেন্দ্ৰটোত ইতিমধ্যে কে'বাগৰাকী নিচাসক্ত লোকক ৰাখি ড্ৰাগছজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি দূৰীকৰণাৰ বাবে যাৱতীয় প্ৰচেষ্টা গ্ৰহণ কৰিছে ।

নিশ্চিতভাৱে এনে কেন্দ্ৰই ড্ৰাগছৰ প্ৰতি আসক্ত লোকৰ বাবে এক সু-সংবাদ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব ।

Your Comments