বঙাইগাঁৱত গ্ৰন্থ উৎসৱ আৰু জনগোষ্ঠীয় খাদ্যমেলা 

বঙাইগাঁৱত গ্ৰন্থ উৎসৱ আৰু জনগোষ্ঠীয় খাদ্যমেলা 

বঙাইগাঁও গ্ৰন্থ উৎসৱ সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা অহা ৩০ অক্টোবৰলৈ সাত দিনীয়া কাৰ্যসূচীৰে বঙাইগাঁও চহৰৰ গান্ধী ময়দানত এখন গ্ৰন্থ উৎসৱ আৰু ইয়াৰ সমান্তৰালভাৱে এখন জনগোষ্ঠীয় খাদ্যমেলা আৰম্ভ হৈছে ৷

এই উপলক্ষে পুৱাৰ ভাগত অনুষ্ঠিত অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত বাবুলাল শৰ্মাই গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে ৷ উপায়ুক্তগৰাকীয়ে দ্বাৰ মুকলি কৰি নিজৰ ভাষণত কয় যে উঠি অহা প্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ জন্মোৱাতো আমাৰ সচেতন ৰাইজৰ কৰ্তব্য ৷

বঙাইগাঁৱত গ্ৰন্থ উৎসৱ আৰু জনগোষ্ঠীয় খাদ্যমেলা 

কাৰণ যিমানে টেকন'লজী নোলাওক, যিমানে ই-বুক্‌ছ ওলাওক বা যিমানে আমি নেটত নপঢ়ো কিয় তথাপি কিন্তু আমাৰ ছপা কিতাপক কোনো ধৰণে, কোনো টেকন'লজীয়ে নি:শেষ কৰিব নোৱাৰে আৰু ইয়াৰ বিকল্প হ'ব নোৱাৰে ৷

তেওঁ লগতে কয় যে আজি আমাৰ সমাজৰ বাবে পঢ়া আৰু লিখা-মেলা কৰা দুয়োবিধ ব্যক্তিৰে অতি প্ৰয়োজন ৷ কাৰণ সেইজন ব্যক্তিয়েহে কলম ধৰিব পাৰে বা লিখিব পাৰে, যিজনৰ লগত এটা সুস্থ মস্তিষ্ক, কলাত্মক মন আৰু শান্তিৰ প্ৰতি শ্ৰদ্ধা আছে ৷

বঙাইগাঁৱত গ্ৰন্থ উৎসৱ আৰু জনগোষ্ঠীয় খাদ্যমেলা 

আনহাতে, যিজনৰ লগত এটা জ্ঞান পিপাসু মন থকাৰ লগতে কিবা এটা বস্তু দেখিলেই কিবা এটা চিন্তা আৰু বিশ্লেষণ কৰাৰ শক্তি আছে তেৱেঁই পঢ়িব পাৰে বুলিও কয় ৷

অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত অশ্ৰুমণি মালাকাৰ, অনুপম ডেকা, জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ আদি উপস্থিত থাকে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্ৱে গ্ৰন্থ উৎসৱৰ পতাকা উত্তোলন কৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষীকান্ত ৰায়ে আৰু বন্তি প্ৰজ্জ্বলন কৰে জ্যেষ্ঠ নাগৰিক সুবোধ চৌধুৰীয়ে ৷

বঙাইগাঁৱত গ্ৰন্থ উৎসৱ আৰু জনগোষ্ঠীয় খাদ্যমেলা 

গ্ৰন্থ উৎসৱত কেবাখনো গ্ৰন্থৰ বিপনীৰ লগতে অন্যান্য বিপণীয়ে অংশ লৈছে ৷ সেইদৰে লগতে থকা জনগোষ্ঠীয় খাদ্যমেলাৰ বিপণীত ল'ব পাৰিব বিভিন্ন জনগোষ্ঠীয় খাদ্যৰ জুতি ৷ সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ৷

Your Comments