শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতেই বৃহস্পতিবাৰে ৰাজ্যবাসীয়ে উদ্যাপন কৰে বাপতি সাহোন কাতি বিহু । নগাঁও জিলাৰ কামপুৰ নগৰৰ মাজমজিয়াত বীৰ লাচিত সেনাৰ সদস্যসকলে পূৰ্বপুৰুষৰ পৰম্পৰা ৰক্ষা কৰি ব্যতিক্ৰমীভাৱে উদ্যাপন কৰে কাতি বিহুটি ।
কামপুৰ অঞ্চলৰ সাংবাদিকসকলৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে জলপানেৰে আপ্যায়ণ কৰে ।
ইয়াৰোপৰি তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰি, ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰি অসমীয়া জাতীয় জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ এক অনন্য প্ৰয়াস কৰে বীৰ লাচিত সেনাৰ সদস্যসকলে ।
ইফালে পৰম্পৰা অনুসৰি কামপুৰৰ বিভিন্ন প্ৰান্তৰ লোকে কাতি বিহু উদ্যাপন কৰে । তুলসীৰ তলত আৰু সপোনৰ সেউজীয়া পথাৰত গৈ বন্তি প্ৰজ্বলন কৰে ।
- Log in to post comments
- 8 views