কামপুৰত মাত্ৰ পাচঁশ টকা বাজেটেৰে দুর্গাপূজা অনুষ্ঠিত কৰিলে এজন কিশোৰে

ss

যিখিনি সময়ত লাখ লাখ টকা খৰছ কৰি জাক-জমকতাৰে দেৱী দুৰ্গাৰ পূজা অনুষ্ঠিত কৰাৰ প্ৰতিযোগিতা চলিছে তেনেসময়তে কামপুৰৰ এজন কিশোৰে ব্যতিক্ৰমী ৰূপত এখন দুৰ্গাপূজা অনুষ্ঠিত কৰা দেখা গ'ল  ৷ জানিব পৰা মতে এজন ষষ্ঠ শ্ৰেনীৰ ছাত্ৰই মাত্ৰ ৫০০ টকা খৰছ কৰি একক প্ৰচেষ্টাত অনুষ্ঠিত কৰিছে দুৰ্গতি নাশিনী দেৱীৰ এই পূজা ভাগ ৷  কামপুৰৰ ঘিলানীআটি গাঁৱৰ বিকি কাকতি নামৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰজনে মাত্ৰ ৫০০ টকা খৰছ কৰি একক প্ৰচেষ্টাত অনুষ্ঠিত কৰা দুৰ্গতি নাশিনী দেৱীৰ এই পূজাখনত আজিও তেওঁ অব্যাহত ৰাখিছে পূজা অৰ্চনা ৷

a

উল্লেখযোগ্য যে এই পূজাখনত স্থাপন কৰা প্ৰতিমাৰ খনিকৰো তেওঁ নিজে; মণ্ডপৰ নির্মাতাও তেওঁ নিজে আৰু পূজাৰিও তেওঁৱেই । যি সময়ত ৰাজ্যৰ পূজা মণ্ডপসমূহত লাখ লাখ টকা খৰছ কৰি জাক-জমকতা প্ৰদৰ্শন কৰি এক অঘোষিত প্ৰতিযোগীতালৈ ৰূপান্তৰিত কৰিছে সেই সময়তে কিন্তু কামপুৰৰ এই কিশোৰজনে মাত্ৰ ৫০০ টকা খৰছ কৰি নিজ হাতেৰে দেৱী দুৰ্গাক নিৰ্মাণ কৰি নিজৰ ঘৰৰ চোতালতে দুৰ্গতি নাশিনী দেৱীৰ পূজা অৰ্চনা কৰা কাৰ্যত সকলোৱে শলাগ লৈছে ৷ প্ৰতিদিনে পূজাৰ কাৰ্যসূচীত ভক্তসকলেও ভিৰ কৰা পৰিলক্ষিত হৈছে ।

Your Comments