দুস্কৃতিক ধ্বংস কৰি গঢ়িব লাগিব সংস্কৃতি : ইছমাইল হোছেইন

aa

ৰাজ্যখনৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ উদ্যোগত কালি বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী পাথাৰত আধুনিক অসমীয়া সাহিত্যৰ বাটকটীয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম তিথিৰ লগতে 'বিৰিণা বৈভৱ' শীৰ্ষক  বিৰিণা গোষ্ঠী-অসমৰ মাহেকীয়া সাহিত্য আলাপ অনুষ্ঠানটি সম্পন্ন হয় । বিৰিণা গোষ্ঠীৰ উদ্যোগত ৰৌমাৰী পাথাৰৰ শিক্ষক তথা বিৰিণা গোষ্ঠীৰ সদস্য জেহেৰুল ইছলামৰ বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত বেজবৰুৱাৰ স্মৃতিচাৰণ সভা, সাহিত্য পাঠ আৰু পৰ্যালোচনাৰ লগতে জেহেৰুল ইছলামৰ তত্ত্বৱধানত নিজ গৃহতে এটি পুথিভঁৰালো উন্মোচন কৰা হয়  ।

qq

বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকে সঞ্চালনা কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰসৰাজ নামৰ পুথিভঁৰালটো উন্মোচন কৰে অসমৰ বিশিষ্ট কবি, সাহিত্যিক, সমালোচক ইছমাইল হোছেইনে । পুথিভঁৰাল উন্মোচন কৰি সাহিত্যিকগৰাকীয়ে কয় যে সমাজৰ দুস্কৃতিকাৰীক ধ্বংস কৰি আমি সংস্কৃতি গঢ়ি তুলিব লাগিব পুথি অধ্যয়নৰ জৰিয়তেই ।

কিতাপ আৰু সময় এই দুটাহে আমাৰ প্ৰকৃত বন্ধু । অসমীয়াত্ব আমাৰ প্ৰথম পৰিচয় হোৱা উচিত বুলি উল্লেখ কৰি সাহিত্যিক গৰাকীয়ে বিৰিণা গোষ্ঠীৰ এই প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে । গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰি বেজবৰুৱাৰ জীৱনৰ ওপৰত এক সাৱলীল বক্তব্য আগবঢ়ায় দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাই ।

আনহাতে সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি দৌলাশাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক  তথা সুবক্তা গৰ্গনাৰায়ণ বৰ্মনে বেজবৰুৱাক ক্ষণ জন্মা পুৰুষ বুলি অভিহিত কৰি তেওঁৰ সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে আৰু লুইতৰ বুকুত জন্ম লাভ কৰা বেজবৰুৱাৰ ওপজা দিন লুইতৰ দাঁতিত উদযাপন কৰাত সন্তোষ প্ৰকাশ কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে প্ৰবক্তা চিৰাজুল হক চৌধুৰীয়ে ।

aa

অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট নাৰীবাদী  লেখিকা চাবেৰা বেগমে বেজবৰুৱাৰ স্মৃতিচাৰণ কৰি মনৰ অনুভৱ ব্যক্ত কৰাৰ লগতে এটি কবিতাও পাঠ কৰে আৰু ভাষণৰ জৰিয়তে নৱ প্ৰজন্মৰ লেখক-লেখিকাক উৎসাহিত কৰে । সাহিত্য আলাপ অনুষ্ঠানৰ পৰ্যালোচনা আগবঢ়ায় সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰে ।

অনুষ্ঠানটোত সুৰজিৎ পাঠক, তফিকুৰ ৰহমান, ৰফিকুল ইছলাম, চিন্ময় ডেকা, ছফিকুল ইছলাম, ছাহজাহান আহমেদ, মনজিত বৰ্মন, লংকেশ্বৰ পাঠক, ৰাজীৱ আহমেদকে আদি কৰি কেইবাজনেও সাহিত্য পাঠ কৰে । সভাখনত দৌলাশালৰ বিশিষ্ট সমাজ কৰ্মী নৰেন্দ্ৰ ঠাকুৰীয়া, ৰৌমাৰী পাথাৰৰ গাঁওবুঢ়া আফাজ উদ্দিন আহমেদ, গ্ৰাম ৰোজগাৰ সহায়ক আব্দুল চামাদ , দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰৰ সম্পাদক অৱনী কুমাৰ নাথ, পশ্চিম বৰক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ সম্পাদক দেৱজিৎ নাথ, সংবাদ কৰ্মী মইদুল ইছলাম(মণি),  দানেশ আলী এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক মতিন আলী, শিক্ষক ক্ৰমে-  অখিল দাস, হাছিব আহমেদ, সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ নেতা ছাহনুৰ আলী,  লুইতজ্যোতি এন জি অ'ৰ কৰ্মকৰ্তাকে ধৰি অঞ্চলটোৰ শতাধিক সাহিত্যানুৰাগী লোক উপস্থিত থাকে ।

বিৰিণা গোষ্ঠীৰ সদস্য জেহেৰুল ইছলামে ৰসৰাজ নামেৰে পুথিভঁৰালটো স্থাপনৰ মহৎ উদ্যেশ্য ৰাজহুৱাকৈ প্ৰকাশ কৰি আটাইলৈ শলাগৰ শৰাই আগবঢ়ায় । উল্লেখ্য যে   বিৰিণা গোষ্ঠী, অসমে প্ৰতিমাহে অসমীয়া সাহিত্য-সংস্কৃতিৰ একোজন কাণ্ডাৰীৰ জন্ম-মৃত্যুৰ এটি বিশেষ দিনত ৰাজ্যখনৰ ভিন ভিন ঠাইত 'বিৰিণা বৈভৱ' শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচীৰে সাহিত্য আলাপ আৰু স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । অহা ১৮ নবেম্বৰত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিস্তৃত কাৰ্যসূচীৰে  বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস আৰু বিৰিণা বৈভৱ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি বিৰিণা গোষ্ঠীৰ সভাপতি  লীলাধৰ পাঠকে জানিবলৈ দিয়ে ।

Your Comments