সৰুতে বাঁওহাতৰ কাষলতিৰ চেপত এখন কঠ লৈ সোঁহাতত ফলি-পুথি লৈ পঢ়াশালিলৈ যোৱাৰ দৃশ্য আপোনাৰ চাগে মনত আছে । আপুনি চাগে পাহৰা নাই নামঘৰলৈ যাওঁতে এখন হাতত লৈ যোৱা কঠখনৰ কথাও ।
মানুহৰ সামাজিক ধৰ্মীয় অনুষ্ঠানৰ লগত ওতপ্ৰোত সৰ্ম্পক থকা আৰু আসনৰূপে ব্যৱহাৰ কৰা কঠখনো কিছুমান মানুহৰ বাবে জীৱিকাৰ সম্বল হ'ব পাৰে । নগাঁও জিলাৰ কামপুৰৰ দক্ষিণাঞ্চলৰ এটা বৃহৎ এলেকাৰ লোকে এই কঠ নিৰ্মাণ কৰি পৰিয়াল পোহপাল দি জীৱন নিৰ্ৱাহ কৰি আছে ।
পথাৰ, বিল আদি পৰা হুগুল নামৰ তৃণবিধ কাটি আনি নিজৰ ঘৰতে নিৰ্মাণ কৰে কঠ । কঠ নিৰ্মাণ কাৰ্যত জড়িত হয় পৰিয়ালৰ প্ৰতিজন লোক । বছৰটোৰ ছটা মাহ কঠ নিৰ্মাণ কৰি যেনে-তেনে পৰিয়াল পোহপাল দি আছে লোকসকলে ।
কামপুৰৰ দক্ষিণাঞ্চলৰ প্ৰায় ২০খনৰো অধিক গাঁৱৰ লোকে কঠ নিৰ্মাণ কাৰ্যত জড়িত । উল্লেখ্য যে প্ৰতিখন কঠ তেওঁলোকে ১০ৰ পৰা ৩০ টকা পৰ্যন্ত বিক্ৰী কৰে । কঠ নিৰ্মাণ কৰা লোকসকল অতিকে দুখীয়া ।
কৃষি আৰু কঠ নিৰ্মাণ কাৰ্যত জড়িত তেওঁলোক । প্ৰতিবছৰে হৈ থকা প্ৰাকৃতিক দুৰ্যোগত সৰ্বহাৰা তেওঁলোক । চৰকাৰীভাৱে কোনো সা-সুবিধা পোৱা নাই এই লোকসকলে । চৰকাৰে দুখীয়া লোকসকলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ কথা কৈ আহিছে যদিও অসমৰ গ্ৰাম্য অৰ্থনীতিক চহকী কৰি ৰখা এই লোকসকলৰ কাৰণে কোনোধৰণৰ পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ উঠিছে ।
- Log in to post comments
- 55 views