এক দুই তিনি চাৰি যুটি দিলো গৰু গাড়ী… এটা সময়ৰ ছুপাৰহিট অসমীয়া ছবি "ককা দেউতা নাতি আৰু হাতী"ত কোকিল কণ্ঠী গায়িকা কোকিলা গোস্বামীয়ে কণ্ঠ দিয়া এই গীতটোত অভিনয় কৰিছিল এজন শিশুশিল্পীয়ে ।
কামপুৰৰ মাজৰে পাৰ হৈ যোৱা কপিলী নৈৰ ওপৰত থকা দলংখনতে এই অভিনয় কৰিছিল শিশুশিল্পীগৰাকীয়ে । অভিনয় কৰিব আহি এমাহ দিন আছিল কামপুৰতে । সেয়া ৩০ বছৰৰ আগৰ কথা ।
সেই সৰু ল'ৰাজন ডাঙৰ হৈ এতিয়া হ'ল ৰাজ্যৰ এজন বিয়াগোম মন্ত্ৰী । ব্যস্ততা বাঢ়ি গ'ল । পাহৰি গ'ল কামপুৰৰ লগতে কপিলীৰ ওপৰত থকা জৰাজীৰ্ণ দলংখনৰ কথা । হয়, তিনিটা কাৰ্যকালৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাকে ক'ব বিচাৰিছোঁ ।
যোৱা দেওবাৰে বঢ়মপুৰ আৰু ৰহা সমষ্টিৰ দুই বিধায়ক ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ডিম্বেশ্বৰ দাসক লৈ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই দলঙৰ ওপৰেৰে পাৰ হওঁতে বহু আশা কৰিছিল অঞ্চলটোৰ ৰাইজে । ৰাইজে ভাবিছিল, সৰুকালৰ স্মৃতিলৈ মনত পেলাই মন্ত্ৰীজনে কিবা এটা কৰিব ।
ৰাইজৰ অনুৰধোৰ পিছত মাথোঁ গড়কাপ্তানী বিভাগক নিৰ্দেশ দিয়া বুলি কৈ দায়িত্ব সামৰিলে মন্ত্ৰীজনে । ৰাইজে আশা কৰিছিল, দলংখন পুনৰ নিৰ্মাণ কেতিয়াৰ পৰা হ'ব আৰু আৰু দলংখন নিৰ্মাণৰ বাবে ধাৰ্য্য কৰা ধনৰ পৰিমাণটো । কিন্ত একোৱেই ঘোষণা নকৰিলে দাদা হিমন্তই ।
ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভূমিকাক সমালোচনা কৰিছে কামপুৰবাসীয়ে । ৰাইজৰ মতে, এই দলঙতে সৰুকালতে কথাছবিত অভিনয় কৰা হিমন্ত বিশ্ব শৰ্মাৰ আবেগ জড়িত হৈ থাকিব লাগিছিল । ৰাইজে শীঘ্ৰে দলংখন নিৰ্মাণৰ বাবে দাবী জনাইছে ।
- Log in to post comments
- 12 views