বিশ্বনাথৰ যুৱক ধৃতিমানৰ উদ্ভাৱন বাঁহৰ বটলেৰে প্ৰত্যাহ্বান প্লাষ্টিকৰ বটলক

বিশ্বনাথৰ যুৱক ধৃতিমানৰ উদ্ভাৱন বাঁহৰ বটলেৰে প্ৰত্যাহ্বান প্লাষ্টিকৰ বটলক

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস

বাঁহৰ বটল- শুনিলেই যেন অসম্ভৱৰ দৰে লাগে ৷ এয়া সম্ভৱ কৰি তুলিছে  বিশ্বনাথ চাৰিআলিৰ এজন যুবকে । বিশ্বনাথ চাৰিআলিৰ নৱপুৰৰ যুৱক ধৃতিমান বৰা দীৰ্ঘদিন ধৰি জড়িত হৈ আহিছে বাঁহেৰে দৈনন্দিত ব্যৱহৃত সামগ্ৰী নিৰ্মাণত ৷

ডি বি ইণ্ড্ৰাষ্টিজ নামেৰে এটা প্ৰতিষ্ঠান আৰম্ভ কৰি ধৃতিমানে বৰ্তমান অৱ্যাহত ৰাখিছে এনেধৰণৰ সামগ্ৰীসমূহৰ নিৰ্মাণ ৷ ইয়াৰ জৰিয়তে তেওঁ সংস্থাপন দিছে আন ১০জন থলুৱা লোকক ৷ শেহতীয়াকৈ ধৃতিমানে নিৰ্মাণ কৰি উলিওৱা বাঁহৰ বটলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

বিশ্বনাথৰ যুৱক ধৃতিমানৰ উদ্ভাৱন বাঁহৰ বটলেৰে প্ৰত্যাহ্বান প্লাষ্টিকৰ বটলক

ছ'চিয়েল মিডিয়াতো ধৃতিমানৰ বাঁহৰ বটলে লাভ কৰিছে চৰ্চা ৷ বহু জনপ্ৰিয় হৈ পৰা সুন্দৰ আৰু স্বাস্থ্যসন্মত এই বাঁহৰ বটলৰ বাবে আহিছে হাজাৰ হাজাৰ অৰ্ডাৰ । ইতিমধ্য প্লাষ্টিক নিষেধ কৰা দেশৰ কেইবাখনো ৰাজ্যত বাঁহৰ বটলৰ চাহিদা বাঢ়িছে ৷

ইয়াৰ উপৰি অষ্ট্ৰেলিয়া, ইংলেণ্ড,  ফিলিপাইন আদি দেশলৈও পঠোৱা হৈছে এই বাঁহৰ বটল ৷  ২৫০ টকাৰ পৰা আৰম্ভ হয় এই বটলৰ দাম ৷ যিসময়ত প্লাষ্টিকৰ আৱৰ্জনাই সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, প্লাষ্টিকৰ বটলসমূহ পানী খাই য'তে-ত'তে পেলাই দিয়াৰ ফলত প্ৰদূষণৰ সৃষ্টি হৈছে,  ঠিক সেই সময়তেই ধৃতিমান বৰাই নিৰ্মাণ কৰি উলিওৱা বাঁহৰ বটলে নিশ্চিতভাৱে সমাজত পেলাব এক ইতিবাচক প্ৰভাৱ ৷

Your Comments