বটদ্ৰৱাৰ কৃতী শিক্ষক মোহন চন্দ্ৰ কলিতাৰ পৰলোক 

 বটদ্ৰৱাৰ কৃতী শিক্ষক মোহন চন্দ্ৰ কলিতাৰ পৰলোক 

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

বটদ্ৰৱা শ্ৰীশ্ৰীশ'লগুৰি সত্ৰ নিবাসী বিশিষ্ট সমাজসেৱক, লেখক, আয়ুৰ্বেদিক চিকিৎসক, জ্যোতিষাচাৰ্য, কৃতী শিক্ষক মোহন চন্দ্ৰ কলিতাৰ আজি বিয়লি নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ৷ বিগত কিছু মাহ ধৰি ৰোগগ্ৰস্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল লোকজন ৷ 

আইভেটি উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰি পিছলৈ ভেৰভেৰী নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি ২০১০ চনত কদমনি পথাৰ বালক মোক্তাৱ বিদ্যালয়ৰ পৰা স্বাস্থ্যজনিত কাৰণত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল বিশিষ্ট নাগৰিকজনে ৷ 

পৰিয়ালৰ সুত্ৰে জানিব পৰা মতে, আজীৱন শিক্ষা বিভাগৰ সেৱাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে সৰ্বস্ব ত্যাগ কৰা কৃতী শিক্ষক মোহন চন্দ্ৰ কলিতাই মধুমেহ তথা অন্যান্য ৰোগত স্বাস্থ্যৰ অধিক অৱনতি হোৱাত উপায়ন্তৰ হৈ ২০১০ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে যদিও বিভাগীয় বিষয়াৰ চূড়ান্ত গাফিলতিৰ বাবে মৃত্যু পৰ্যন্ত বহু মাহৰ দৰমহা পৰ্যন্ত লাভ কৰাৰ পৰা বঞ্চিত হৈ ৰয় ৷ কেইটামান টকাৰ বাবে টেবুলে টেবুলে পাবলগীয়া দৰমহাৰ ফাইল বছৰ বছৰ ধৰি ঘূৰিয়েই আছে বুলি বিভাগৰ বিষয়ে তীব্ৰ ক্ষোভ তথা অসন্তুষ্টি প্ৰকাশ কৰে শিক্ষকজনৰ পৰিয়ালে ৷ 

আয়ুৰ্বেদিক চিকিৎসা, জ্যোতিষচৰ্চাৰে বহু লোকক বিনামূলীয়া সেৱা আগবঢ়োৱা সমাজসেৱকজনৰ বিয়োগত বটদ্ৰৱা শ্ৰীশ্ৰীশ'লগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্ত, শ্ৰীশ্ৰীনৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী সহিতে বৃহত্তৰ বটদ্ৰৱাবাসীয়ে গভীৰ শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপণ কৰে ৷ মৃত্যুৰ সময়ত তেখেতে পত্নীসহ তিনিজন ভাতৃ, বোৱাৰীসহ পৰিয়ালবৰ্গক এৰি থৈ যায় ৷ ৬৫ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট ব্যক্তিজনৰ ৷

Your Comments