কামৰূপ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰত ধান ৰোপণৰ উন্নত পদ্ধতিৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ 

কামৰূপ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰত ধান ৰোপণৰ উন্নত পদ্ধতিৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ 

৩ আৰু ৪ অক্টোবৰত কামৰূপ জিলাৰ কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ আৰু আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ (IRRI) ৰ যুটীয়া উদ্যোগত এপাৰ্টৰ (APART) ধান সংক্ৰান্তীয় আঁচনিৰ অধীনত ধান ৰোপণৰ উন্নত পদ্ধতিৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায় ।

অনুষ্ঠানত উপস্থিত থাকি কৃষি গৱেষণা কেন্দ্রৰ আঁচনি সমন্বয়ক ডঃ ধীৰেন কলিতাই অসমত ধানৰ উৎপাদন বৃদ্ধিত গুৰুত্ব প্ৰদান কৰে । অনুষ্ঠানত ইৰিৰ ডঃ কৌৰ সিং উপস্থিত থাকি চাপ সহনশীল বিভিন্ন জাতৰ বিষয়ে আৰু এপাৰ্ট আঁচনিৰ জৰিয়তে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে অৱগত কৰে ।

কামৰূপ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰত ধান ৰোপণৰ উন্নত পদ্ধতিৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ 

অনুষ্ঠানত মহকুমা কৃষি বিষয়া নৱজ্যোতি জগন্নাথ উপস্থিত থাকে । প্ৰশিক্ষণত ইৰিৰ বিশেষজ্ঞ বিপীন কুমাৰে কৃষি যান্ত্ৰিকীকৰণৰ বিভিন্ন প্ৰযুক্তি আৰু যন্ত্ৰসমূহৰ এক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰদৰ্শনীও অনুষ্ঠিত হয় ।

এই অনুষ্ঠানত লেজাৰ লেণ্ড লেভেলাৰ, মেট নাৰ্ছাৰী, গুটি ছটিওৱা মেচিন, ৰিপাৰ আদিৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিশেষজ্ঞসকলে কৃষকসকলক অৱগত কৰে । অনুষ্ঠানত ইৰিৰ বিশেষজ্ঞ জ্যোতি বিকাশ নাথে এপাৰ্ট আঁচনিৰ জৰিয়তে গ্ৰহণ কৰা আঁচনিত ইৰিৰ অংশগ্ৰহণৰ বিষয়ে বিশদভাৱে আলোচনা আগবঢ়ায় ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডঃ এম কে শৰ্মা উপস্থিত থাকি ছটিওৱা ধানৰ বিভিন্ন উন্নত পদ্ধতিৰ লগতে যান্ত্ৰিকীকৰণৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে । 

এই অনুষ্ঠানত কামৰূপ, দৰং, মৰিগাঁও আৰু নলবাৰীৰ ৩৪জন সম্প্ৰসাৰণ কৰ্মীয়ে প্ৰশিক্ষণ গ্রহণ কৰে ।

Your Comments