কামপুৰ মহাবিদ্যালয়ত মুখ্য মন্ত্ৰী তদন্তকাৰী শাখাৰ অভিযান 

ss

নগাঁও জিলাৰ কামপুৰৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান কামপুৰ মহাবিদ্যালয় খনত বৰ্তমান গ্ৰাস কৰিছে ব্যাপক দুৰ্নীতিয়ে ৷ ইউ জি চি য়ে ব্লে'ক লিষ্টেড কৰা মহাবিদ্যালয়খনৰ আন্ত:গাঁথনিকে ধৰি বিভিন্ন উন্নয়নমূলক কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ যাৰবাবে স্থানীয় সচেতন লোকে দিয়া লিখিত আবেদনৰ ভিত্তিত বুধবাৰে মহাবিদ্যালয় খনত অভিযান চলায় মুখ্য মন্ত্ৰী তদন্তকাৰী শাখা আৰু গড়কাপ্তানী বিভাগে ৷

“আই চি ইউত অক্সিজেন লৈ চলি আছে বৰ্তমান কামপুৰ মহাবিদ্যালয় ৷ যি কোনো সময়ত বন্ধ হব পাৰে কামপুৰ মহাবিদ্যালয় ৷ ইউ জি চি য়ে ব্লে'ক লিষ্টেড কৰিলে মহাবিদ্যালয়খনক ৷” এই মন্তব্য মহাবিদ্যালয়খনৰ বৰ্তমান অধ্যক্ষ ড: হৰেকৃষ্ণ দেৱশৰ্মাৰ ৷ জানিবপৰা মতে, মহাবিদ্যালয় খনত বিগত সময়ছোৱাত অধ্যক্ষ হিচাপে থকা হীৰেন্দ্ৰ নাথ শৰ্মাই পৰিচালনা সমিতিৰ লগত মিলি বিভিন্ন শিতানৰ উন্নয়নমূলক কামৰ সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি স্থানীয় সচেতন লোকে এখন সভা অনুষ্ঠিত কৰি দিয়া লিখিত আবেদনৰ ভিত্তিত বুধবাৰে মহাবিদ্যালয়খনত অভিযান চলায় মুখ্য মন্ত্ৰী তদন্তকাৰী শাখা আৰু গড়কাপ্তানী বিভাগে ৷

১ কোটি ১০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিল্ডিঙটোৰ নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰি ধন আত্মসাৎ কৰাৰ লগতে, পুথিভঁৰালৰ কিতাপ কিনাৰ নামটো ভুৱা বিল দেখুৱাই ধন সৰকাই নিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰবাবে বিল্ডিঙটোৰ পকী বেৰত মেলিছে বৃহৎ বৃহৎ ফাঁট ৷ আনকি খোৱা পানীৰো সমস্যা মহাবিদ্যালয়খনত ৷ স্থানীয় সচেতন লোকৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে মুখ্য মন্ত্ৰী তদন্তকাৰী শাখাক উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী    জনাইছে ৷

Your Comments