কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
কলিয়াবৰত ধাননি পথাৰত অচিন পোকৰ সন্ত্ৰাস । কৃষকৰ সপোনৰ ধাননিডৰা এতিয়া এজাক অচিন পোকে এফালৰ পৰা খাই তহিলং কৰিছে । নিশাৰ ভিতৰতে বিঘাই বিঘাই ধাননি পথাৰত আক্ৰমণ কৰি নিঃশেষ কৰি পেলাইছে এফালৰ পৰা ।
আহিনৰ সজাল ধৰা ধাননিত অচিন পোকৰ আক্ৰমণে সংকিত কৰি তুলিছে কলিয়াবৰৰ কৃষকক । বিশেষকৈ বামুণী, মথৌখাট, মাজগাঁও, দলগাঁও আদি গাঁৱৰ ধাননি পথাৰত পোকৰ আক্ৰমণে জটিল ৰূপ ধাৰণ কৰিছে ।
স্থানীয় লোকে ধানগছত উপদ্ৰৱ চলোৱা এই পোকবিধক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই । ধানৰ পাতৰ ভিতৰত অসংখ্য কণী পৰিলক্ষিত হোৱাত কৃষক ৰাইজ আতংকিত হৈ পৰিছে । পোকৰ সংক্ৰমণ ৰোধৰ বাবে কৃষকে কৃষি বিভাগৰ ওচৰ চাপিছে যদিও কোনোধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
উপায়ন্তৰ হৈ নিজাকৈয়ে ব্যৱস্থা গ্ৰহণ কৰিছে কৃষকে । এই ক্ষেত্ৰত কৃষি বিভাগৰ দৰে এটা বিয়াগোম বিভাগ থকাৰ পাছতো কৃষক ৰাইজে কোনোধৰণৰ সুবিধা নোপোৱাটো বিভাগটোৰ এক চৰম বিফলতা বুলি মন্তব্য আগবঢ়াইছে সাধাৰণ ৰাইজে ।
- Log in to post comments
- 36 views