আহিনৰ আহুকলীয়া বানে বিপৰ্যস্ত কৰিছে পাকা-সৰুক্ষেত্ৰী । বিগত এসপ্তাহ ধৰি ওফন্দি আছে বুঢ়াদিয়া, টিহু আৰু কালদিয়া নৈ । বুঢ়াদিয়া নদীৰ দক্ষিণপাৰৰ মথাউৰি বছৰৰ পিছত বছৰ ধৰি নিৰ্মাণ নকৰাৰ ফলত কালাতলি আৰু বতিয়াৰ লগতে সৰ্থেবাৰী অঞ্চলৰ কেইবাখনো গাঁও বানপানীৰ লগত সহবাস কৰিবলগীয়া হৈছে । এইবাৰো বুঢ়াদিয়া নদীৰ বতিয়াৰ উত্তৰ-পূৱ দিশৰ উন্মুক্ত মথাউৰিৰে হোৰাহোৰে বাঢ়নি পানী সোমোৱাৰ লগতে ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰা কালাতলিৰ মথাউৰি ভাঙি গাঁও দুখন জলমগ্ন কৰিছে । বতিয়া গাঁৱৰ প্ৰায় ষাঠি ঘৰ লোক বানত ডুবি থকাৰ লগতে বাট-পথ পানীৰ তলত ডুব গৈছে ।
বতিয়া প্ৰাথমিক বিদ্যালয়ত একঁকাল পৰ্য্যন্ত পানী উঠিছে । সম্প্ৰতি বানপানীৰ বাবে এই বিদ্যালয় বন্ধ ৰখা হৈছে । একেদৰে কালাতলি, বতিয়া , খৰিয়া, গোমূৰা, সৰ্থেবাৰী আদি গাঁৱৰ খেতি পথাৰ সম্পূৰ্ণ ৰূপে জলমগ্ন হৈ পৰিছে । আহিনৰ শস্য শ্যামলা খেতি পথাৰ পানীত বুৰ যোৱাত মূৰে-কপালে হাত দিবলগা হৈছে কৃষকসকলে । কালাতলি - বতিয়া সংযোগী পথটো বানে বিধ্বস্ত কৰিছে ।
ইপিনে কালি নিশা হঠাৎ কালদিয়া নদীৰ মথাউৰি ভাঙি যোৱাত পাকা মৌজাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হয়। এই মথাউৰিটোৰ প্ৰায় সত্তৰ ফুট ভাঙি হোৰাহোৰে বাঢ়নি পানী সোমাই নিজশালদহ গাঁৱত ত্ৰাসৰ সৃষ্টি কৰে । গাঁৱৰ দুটা চুবুৰিৰ প্ৰায় দুশটা পৰিয়াল এই বানত আক্ৰান্ত হ'বলগীয়া হৈছে । নিশা প্ৰায়বোৰ ঘৰ পানীত বুৰ যোৱাৰ লগতে পানীৰ প্ৰবল সোঁতে কাৱৈমাৰী - বালাপাৰা সংযোগী পথটো বিভিন্ন ঠাইত ছিঙি বিধ্বস্ত কৰি পেলায় । যাতায়াতৰ বাবে একমাত্ৰ এই পথটো বানে ছিঙি দ খাৱৈৰ সৃষ্টি কৰাত বহিঃজগতৰ লগত বিচ্ছিন্ন হৈ পৰিছে নিজশালদহ ।
পানীৰ মাজত আৱদ্ধ হৈ থকা গাঁওবাসীৰ খবৰ ল'বলৈ এই পৰ্যন্ত জনপ্ৰতিনিধিৰ আহৰি নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কেইবাটাও বাসগৃহ অতি স্পৰ্শকাতৰ অৱস্থাত আছে । দুই-তিনিটা বাসগৃহ বানপানীৰ কোবাল সোঁতত উটি যোৱাৰ আশংকাই দেখা দিছে । ইপিনে কালদিয়া নদীৰ বাঢ়নি পানীয়ে কয়াকুছি পথাৰ, নলীৰ গাঁও, নলীৰ পাম পিঠাদি, ভক্তৰডবা আদি ঠাই প্লাবিত কৰিছে । অঞ্চলটোৰ বহু মীন মহলৰ অৱস্থা শোচনীয় হৈ পৰিছে । বিশেষকৈ সৰুক্ষেত্ৰী সমষ্টিত এইবাৰ এই বানে হাজাৰ হেক্টৰ কৃষি ভূমিৰ ধানখেতি ধ্বংস কৰাটো নিশ্চিত হৈ পৰিছে । কালদিয়া নদীৰ পানী আজি পুনৰ বাঢ়িবলৈ লোৱাত আতঙ্কিত হৈছে নিজশালদহৰ ৰাইজ ।
ইপিনে টিহু নদীৰ বাঢ়নি পানীয়ে খৰিয়াৰ মথাউৰিলৈ তীব্ৰ ভাবুকি আনিছে । স্থানীয় ৰাইজে দিনে নিশাই শ্ৰমদান কৰি কোনোমতে মথাউৰিটো সুৰক্ষিত কৰি ৰাখিছে । সৰ্থেবাৰীত থকা অগ্নিনিৰ্ব্বাপক বাহিনীৰ অস্থায়ী কাৰ্যালয়টো বানত বুৰ গৈছে । সৰ্থেবাৰী নগৰ উত্তৰ অংশ প্লাবিত হোৱাৰ লগতে শান্তিপুৰ সম্পূৰ্ণভাৱে জলমগ্ন হৈ পৰিছে ।
- Log in to post comments
- 16 views