কামপুৰত ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, কামপুৰ বীৰ লাচিত সেনা, যুৱ সমাজকে ধৰি বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ । ব্যৱসায়ী সাম্ৰাজ্য গঢ়া যোগগুৰু ৰামদেৱৰ শিষ্য সতীনাথ বাৰালে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক কৰা বিতৰ্কিত মন্তব্যক লৈ এই প্ৰতিবাদ । যোগ শিক্ষাৰ উদ্দেশ্যে অহা উত্তৰ-পূৱৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে দৰং জিলাত শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয়, নামঘৰত মিঠাতেল মূৰ্খই জ্বলাই, নাম ঘোষাত একো ভাল কথা নাই বুলি কোৱা বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে সতীনাথ বাৰালক ক্ষমা খুজিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে ।
প্ৰতিবাদী ৰাইজে ইফালে সতীনাথ বাৰালক গ্ৰেপ্তাৰ দাবীত কামপুৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰাৰ লগতে গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত কামপুৰৰসমূহ পতঞ্জলি ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ দাবী জনায় । আনহাতে পতঞ্জলি ব্যৱসায়ী প্ৰতিষ্ঠানৰ ফলকসমূহ ফালি পেলাই প্ৰতিবাদকাৰীয়ে ।
- Log in to post comments
- 17 views