ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে চেঙাৰ ৰৌমাৰীত সমদল

ৌৌ

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী পাথাৰত আজি ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে এক বিশাল সমদল উলিওৱা হয় । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ অধীনত চেঙা উন্নয়ন খণ্ডৰ উদ্যোগত এই সমদল উলিওৱা হয় । চেঙা উন্নয়ন খণ্ডৰ অধীনস্থ জীৱিকা সখী কদভানু বেগম তথা মায়া গ্ৰাম্য সংগঠনৰ সভানেত্ৰী ৰুবিয়া পাৰবিন আৰু সম্পাদিকা মল্লিকা খাতুনৰ নেতৃত্বত উলিওৱা পুষ্টি অভিযান সমদলত ১৬টা আত্মসহায়ক গোটৰ মুঠ ১৬০ গৰাকী মহিলাই অংশগ্ৰহণ কৰে ।

ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয়  পুষ্টিকৰ মাহ হিচাপে ঘোষণা কৰা হোৱা হেতুকে ইয়াৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয় । জীৱিকা সখী কদভানু বেগমে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে মহিলাসকল পুষ্টিহীনতাত বেছিকৈ ভোগে । মহিলাসকলক নিয়মিয়াকৈ পুষ্টিকৰ আহাৰ খাবলৈ সজাগতা সৃষ্টিৰে পুষ্টিহীনতা দূৰ কৰিবলৈ সকলো শ্ৰেণীৰ লোকৰ মাজত তৎপৰতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি এই সমূহীয়া সমদল উলিওৱা হয় ।

Your Comments