কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
ৰাজ্যৰ ভিতৰতে নগাঁও জিলাতেই সৰ্বাধিক সংখ্যক জলাশয় আছে । তৎসত্ত্বেও বিভাগীয়ভাৱে কোনো উল্লেখযোগ্য আঁচনি নাই মৎস্য পালনৰ বাবে । এটা সুকীয়া বিভাগ, এখন মীন মহাবিদ্যালয়, এটা সুকীয়া মন্ত্ৰালয়, বহুসংখ্যক আমোলা-বিষয়া থকা সত্ত্বেও প্ৰকৃতি প্ৰদত্ত এই নদ-নদী, জুৰিসমূহৰ সদ্ব্যৱহাৰ হোৱা নাই ।
অথচ মৎস্য পালনৰ নামত নানা আঁচনিৰ ধন আৱণ্টিত হৈ আছে । বিশেষকৈ কলিয়াবৰত সৰু-বৰ ভালেসংখ্যক জলাশয় আছে । মুখ্য মন্ত্ৰী নিয়োগ ব্যৱস্থাপনা, পৰিত্যক্ত জলাশয় উন্নয়ন আঁচনি আৰু মুক্ত জলাশয় উন্নয়ন আঁচনিৰ অধীনত ২০০৮-০৯ বৰ্ষত কলঙক লৈ নীল বিপ্লৱ সূচনা কৰাৰ পৰিকল্পনা কৰি ১২টা আত্মসহায়ক গোটক ১২,৫১,৪৫০ টকা বিতৰণ কৰে ।
পুনৰ ২০০৯-১০ বৰ্ষত মুঠ ১৫টা আত্মসহায়ক গোটক ২৯,০০,১৯৩ টকা আৱণ্টন দিছিল যদিও ইয়াৰে সিংহভাগেই অপচয় হৈছিল । ইফালে ৫০ বছৰে বন্ধ হৈ থকা কলঙৰ বুকুত মেটেকা-পিতনিৰে পৰিপূৰ্ণ হৈ থকাৰ বাবে বাম হৈ পৰিছে ।
এনেদৰে মেটেকা-পিতনিৰে পৰিপূৰ্ণ কলং এখনত "নীল বিপ্লৱ"ৰ সূচনা কৰিবলৈ বিচৰাটো বিভাগটোৰ এক অপৰিপক্ব সিদ্ধান্ত বুলি সচেতন মহলে ক'ব খোজে ।
- Log in to post comments
- 45 views