কামপুৰত চৰকাৰী গ্ৰেজিং ভূমি বেদখল

কামপুৰত চৰকাৰী গ্ৰেজিং ভূমি বেদখল

এইবাৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত ভূ-মাফিয়াৰ দপ্‌দপনি ৷ একাংশ ভূ-মাফিয়াই চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটি বেদখল কৰি একাংশ সন্দেহজনক লোকক বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ তাৰ পাছতো কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰৰ বৰমূৰীয়াসকল ৷

কামপুৰত চৰকাৰী গ্ৰেজিং ভূমি বেদখল

এই ঘটনা কামপুৰৰ উত্তৰ চাংচকীৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত ৷ ৫০ বিঘা ভূমিত বিভিন্ন মূল্যৱান গছ-গছনিৰে ভৰপূৰ হৈ থকা এই ৰিজাৰ্ভত অঞ্চলটোৰ ৰাইজে গৰু চৰাইছিল ৷

কামপুৰত চৰকাৰী গ্ৰেজিং ভূমি বেদখল

কিন্তু বৰ্তমান যেনিয়েই চকু ফুৰাই তেনিয়েই দেখিব কাঠফুলাৰ দৰে নিতৌ গঢ়ি উঠিছে একাংশ সন্দেহজনক লোকৰ বাসগৃহ ৷ স্থানীয় কেইজনমান ভূ-মাফিয়াই ৰিজাৰ্ভখনৰ ভূমিত থকা মূল্যৱান গছসমূহ কাটি বেদখল কৰি উক্ত ভূমি একাংশ সন্দেহজনক লোকক ২০ হাজাৰৰ পৰা লাখ টকালৈকে বিক্ৰী কৰি আহিছে ৷

কামপুৰত চৰকাৰী গ্ৰেজিং ভূমি বেদখল

এই ক্ষেত্ৰত কিন্তু আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰৰ বৰমূৰীয়াসকলে ৷ কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ ৷

স্থানীয়া ৰাইজৰ দাবী, জাতি, মাটি শ্লোগানেৰে শাসনলৈ অহা পৰিৱৰ্তনকামী চৰকাৰে শীঘ্ৰে উচ্ছেদ কৰক বেদখলীকৃত চৰকাৰী ভূমি ৷

Your Comments