বিশ্বনাথলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ "পেড মেন"খ্যাত নয়ন শইকীয়াই

বিশ্বনাথলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ "পেড মেন"খ্যাত নয়ন শইকীয়াই

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস

ছুপাৰমেন, স্পাইডাৰমেন অথবা হিটমেনৰ কাল্পনিক চৰিত্ৰৰ অভিনেতা তথা কথাছবি বহুবাৰ দেখিছে ৷ আনহাতে, কিছুদিন পূৰ্বে ভাৰতীয় ছবিজগতত অতিকৈ চৰ্চা লাভ কৰা অক্ষয় কুমাৰ অভিনীত "পেড মেন"ৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে |

বাস্তৱ জীৱনৰ ওপৰত আধাৰিত পেডমেনৰ পৰা অনুপ্ৰাণিত হৈ সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত অসমৰ 'পেড মেন' হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নয়ন শইকীয়াৰ আন এক সুখবৰে সমগ্ৰ বিশ্বনাথৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে |

বিশ্বনাথ চাৰিআলিৰ গড়েহাগিস্থিত এই যুৱকজনে কলকাতাত হোটেল মেনেজমেণ্টৰ অধ্যয়ন কৰি থাকোঁতেই লগ পাইছিল অক্ষয় কুমাৰ অভিনীত "পেড মেন" চৰিত্ৰৰ প্ৰকৃত ব্যক্তিজনক ৷

অৰ্থাৎ অৰুণাচলম মুৰুগানান্থমক । তেওঁৰ কামৰ উদ্দেশ্য অনুকৰণ কৰি অৱশেষত নয়ন শইকীয়াই কলকাতাৰ পৰা ঘূৰি আহি বিশ্বনাথৰ গড়েহাগিত এটা পেড প্ৰস্তুত কৰা মেচিন স্থাপন কৰি পেড উৎপাদনৰ কাম আৰম্ভ কৰিছিল ।

বিশ্বনাথলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ "পেড মেন"খ্যাত নয়ন শইকীয়াই

তাৰ পিছত আৰাম্ভ হয় এক দীঘলীয়া যাত্ৰা | প্ৰথম অৱস্থাত বহু কঠিনতাৰ সন্মুখীন হৈছিল যদিও অৱশেষত অসমৰ বহুকেইখন গ্ৰামাঞ্চল পৰ্যায়ত সজাগতা সভা অনুষ্ঠিত কৰি মহিলাসকলৰ মাজত লাজ আৰু সংকোচ দূৰ কৰি এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হয় |

মহিলা সবলীকৰণ কেৱল লিখিত শব্দত নাৰাখি বাস্তৱ ক্ষেত্ৰত পৰিণত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা এই উদ্যমী যুৱকজন আজি সফল ব্যৱসায়ী হিচাপে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে |

তেওঁৰ এই সফলতাই সমগ্ৰ অসমৰ লগতে বহিঃৰাজ্যতো এই উদ্যোগ গঢ়ি তোলাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে | সমাজত মহিলা সবলীকৰণৰ ক্ষেত্ৰত তথা যুৱ-প্ৰজন্মৰ মাজত তেওঁৰ এই প্ৰচেষ্টা আৰু কৰ্মসংস্কৃতিৰ সুন্দৰ নিদৰ্শনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁ সমাদৰ পাই বিভিন্ন সন্মানেৰে সন্মানিত হৈছে |

বিশেষকৈ বিগত ২২ ছেপ্টেম্বৰত "ডালমিয়া" চিমেণ্ট কোম্পানীৰ উদ্যোগত গুৱাহাটীৰ পাণবজাৰস্থিত ডনবস্ক' স্কুলত অনুষ্ঠিত "Insidene  Youth Conclave  2018" ৰ Young Achiever Award Northeast 2018ৰ খিতাপ অৰ্জন কৰি সমগ্ৰ বিশ্বনাথৰ বাবে তেওঁ গৌৰৱ কঢ়িয়াই আনিছে |

কেইবাটাও অগ্ৰণী ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ লগতে ৰাজনৈতিক জগতৰ কেইবাজনো মন্ত্ৰী-বিধায়ক তথা বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ত্ৰিপুৰাৰ উপ-মুখ্য মন্ত্ৰী জিষ্ণুদেৱ বৰ্মনৰ পৰা এই বিশেষ বটাঁ গ্ৰহণ কৰে নয়ন শইকীয়াই |

এই কথা সদৰী কৰে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এক সংবাদমেলত | তেওঁ লগতে অসমৰ ভিন্ন প্ৰান্তত গঢ় লৈ উঠা কেইবাটাও উদ্যোগৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদদাতাসকলৰ আগত অৱগত কৰায় |

উক্ত সংবাদমেলত নয়ন শইকীয়াৰ কঠিন যাত্ৰাৰ সংগী হিচাপে প্ৰতিটো মুহূৰ্তত থিয় দিয়া নয়ন শইকীয়াৰ পত্নী বাগ্মিতা শইকীয়াও উপস্থিত থাকি তেওঁলোকৰ এই যাত্ৰাৰ বিষয়ে সকলোৰে আগত সদৰী কৰে |

লগতে তেওঁলোকৰ আগন্তুক পৰিকল্পনা হিচাপে কলকাতাত অতি সোনকালে চেনিটাৰী নেপকিন তৈয়াৰ কৰা উদ্যোগ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা হাতত লৈছে বুলি অৱগত কৰে |

উল্লেখ্য যে কোনো ব্যক্তিয়ে এই উদ্যোগৰ প্ৰতি আগ্ৰহী হ'লে তেওঁ সম্পূৰ্ণ সহায় কৰাৰ বাবে সাজু আছে বুলিও অৱগত কৰে ৷ 

Your Comments