বাংলাদেশলৈ তেল ৰপ্তানি চুক্তি বাতিলৰ দাবীত নুমলীগড় তেল শোধনাগাৰত অৱস্থান ধৰ্মঘট

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

৮৫৫জন অসমীয়াৰ কেঁচা তেজৰ বিনিময়ত গোলাঘাটৰ নুমলীগড়ত নিৰ্মাণ হোৱা নুমলীগড় তেল শোধনাগাৰত যোৱা কিছুদিনৰ পৰা বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি আহিছে ।

প্ৰধানকৈ অসমৰ এই তেল শোধনাগাৰৰ পৰা ভাৰত-বাংলা মৈত্ৰী পাইপলাইনযোগে বাংলাদেশলৈ তেল ৰপ্তানি কৰা চুক্তি শীঘ্ৰে বাতিল কৰাৰ লগতে গোলাঘাট জিলা বা স্থানীয় নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়া,  শোধনাগাৰৰ উৎপদিত বিজুলী গোলাঘাট জিলাত বিনামুলীয়াকৈ যোগান ধৰাৰ দাবী তুলি আজিও তেল শোধনাগাৰৰ সমীপত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

ভাৰত-বাংলাদেশৰ মৈত্ৰী চুক্তিৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে অসমৰ এই তেল বাংলাদেশলৈ ৰপ্তানি কৰি অসমৰ লগতে শোধনাগাৰটোক সংকটৰ দিশে ঠেলি দিয়াৰ এই প্ৰস্তুতি কোনো কাৰণতে অসমীয়াই সহ্য নকৰে বুলি প্ৰতিবাদকাৰীসকলে কোৱাৰ লগতে শোধনাগাৰৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাৰ চকুমুদা কুলিৰ ভাৱকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

তেওঁ নিজৰ স্বাৰ্থৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বহতীয়াৰ ভূমিকা পালন কৰা বুলিও কটাক্ষ কৰে সংগঠনটোৱে ।

Your Comments