পুৰুষ নহয়, মহিলাই বহুৱাইছে এখন বজাৰ ৷ সম্পূৰ্ণ থলুৱা তথা ঘৰুৱা উৎপাদিত সামগ্ৰীৰে ৰহাৰ ফুলগুৰিত বহিছে এইখন মহিলা বজাৰ ৷
ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত নীলকণ্ঠ মণ্ডল সংগঠনৰ উদ্যোগত আৰু গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ ৩১টা আত্মসহায়ক (মহিলা) গোটৰ সহযোগত ফুলগুৰিত আৰম্ভ হৈছে এইখন সাপ্তাহিক বজাৰ ৷
মঙলবাৰে ইয়াকে লৈ ফুলগুৰিত এক খদমদম পৰিবেশে বিৰাজ কৰে ৷ পুৱাতে বিভিন্ন অঞ্চলৰ মহিলা আত্মসহাযয়ক গোটবোৰে নিজৰ নিজৰ উৎপাদিত সামগ্ৰী বজাৰলৈ আনে ৷
আলু, কচু, বেঙেনা, লাউ, জিকাৰ পৰা পথাৰৰ খেলুকলৈকে, পিঠা-পনাৰ পৰা মেখেলা-চাদৰ-গামোচালৈকে, মাছ-মাংসৰ পৰা চাহ দোকানলৈকে সকলো বিক্ৰী কৰিছে মহিলাসকলে ৷
মহিলাসকলেই দগা-পাল্লা হাতত লৈ বিক্ৰী কৰিছে আলু, বিলাহী, মাছ-মাংস ৷ বিক্ৰী কৰিছে ঢেকীয়া, কলমৌ, কচু, কলডিল ৷ সকলো থলুৱা সামগ্ৰী উপলব্ধ হৈছে এই মহিলা বজাৰখনত ৷
প্ৰতি মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া এই বজাৰখন আজি আনুষ্ষ্ঠানিকভাৱে উদ্বোধন কৰে ৰহা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাস্কৰ বৰবৰাই ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ নগাঁও জিলাৰ বিষয়াসকল ৷
সাপ্তাহিক বজাৰখনৰ আজি প্ৰথমটো মঙলবাৰতেই দেখা গ’ল হাজাৰ হাজাৰ লোকৰ সমাগম ৷ গ্ৰাহকে ক্ৰয় কৰিছে প্ৰয়োজনীয় সামগ্ৰী ৷ উৎসাহিত হৈছে মহিলাসকল, দেখিছে স্বাৱলম্বিতাৰ আশা ৷
মহিলাসকলেও যে পুৰুষৰ সমানেই জীৱিকা উলিয়াব পাৰে তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এই মহিলাসকলে ৷ মহিলাসকলৰ এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে ৷
- Log in to post comments
- 24 views