বিজয় মালিয়া, নীৰৱ মোডী, মেহুল চোকচিৰ পিছত এইবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্য গুজৰাটৰ আন এজন বৃহৎ উদ্যোগপতিয়ে বেংক ঋণৰ ৫ হেজাৰ কোটিৰো অধিক টকা লুট কৰি ভাৰতৰ পৰা পলায়ন কৰিছে ৷
প্ৰাপ্ত বাতৰি মতে, গুজৰাটৰ ষ্টাৰলিং বায়'টেক নামৰ এটা উদ্যোগ প্ৰতিষ্ঠানৰ গৰাকী নীতিন জয়ন্তীলাল ছান্দেছাৰা ৫,৩০০ কোটিৰো অধিক টকাৰ জালিয়াতিৰ গোচৰত অভিযুক্ত ৷
তেওঁ এই টকা পৰিশোধ নকৰাকৈ গোপনে দেশ এৰি পলায়ন কৰে ৷ কিছু দিন পূৰ্বে পোৱা বাতৰি মতে, ছান্দেছাৰাক মধ্য প্ৰাচ্যৰ সংযুক্ত আৰব আমীৰ শ্বাহীত গ্ৰেপ্তাৰ কৰা হৈছে ৷ কিন্তু সৰ্বশেষ পোৱা বাতৰি মতে, ছান্দেছাৰাই আফ্ৰিকাৰ নাইজেৰিয়ালৈ পলায়ন কৰিছে ৷
বিভিন্ন সূত্ৰই জনোৱা মতে, ছান্দেছাৰাই তেওঁৰ পৰিয়ালবৰ্গ, ভ্ৰাতৃ চেতন ছান্দেছাৰা আৰু ভাই বোৱাৰী দীপ্তিবেনে নাইজেৰিয়াৰ এক শৰণাৰ্থী শিবিৰত হোনো আশ্ৰয় লৈছে ৷
এই বাতৰি পোৱাৰ পিছত ভাৰতৰ প্ৰতাৰণা গোচৰত তদন্তত নিযুক্ত ভাৰতৰ সংশ্লিষ্ট বিষয়াসকল চৰম অস্বস্তিৰ সন্মুখীন হৈছে ৷ কাৰণ আফ্ৰিকাৰ এই দেশখনৰ সৈতে ভাৰত চৰকাৰৰ কোনো বন্দী প্ৰত্যৰ্পণ চুক্তি নাই ৷
আনহাতে, ছান্দেছাৰা আৰু তেওঁৰ পৰিয়ালবৰ্গ পলাই নাইজেৰিয়াতে আশ্ৰয় লৈছেনে নাই সেই বিষয়েও ভাৰত চৰকাৰ আৰু ভাৰতৰ তদন্তকাৰী বিষয়াসকল এতিয়াও নিশ্চিত হ’ব পৰা নাই ৷
কাৰণ, ব্ৰিটেইন আৰু নাইজেৰিয়া দুয়োখন দেশতে ছা্ন্দেছাৰাৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তৃত হৈ আছে ৷ গতিকে তেওঁ নাইজেৰিয়ালৈ পলাই যোৱাৰ সন্দেহই অধিক ৷
এনে পৰিস্থিতিত ভাৰতীয় তদন্তকাৰী সংস্থাই ছান্দেছাৰা আৰু তেওঁৰ পৰিয়ালবৰ্গৰ বিৰুদ্ধে ইণ্টাৰপ’লৰ সহায়ত ৰেড কৰ্ণাৰ জাননী জাৰি কৰাৰ চেষ্টা চলাই আছে ৷ নীৰৱ মোডীৰ দৰেই এই গুজৰাটী উদ্যোগপতিয়ে কোনখন দেশৰ পাছপ’ৰ্ট ব্যৱহাৰ কৰি আছে সেই বিষয়েও তদন্তকাৰী বিষয়াসকল নিশ্চিত হ’ব পৰা নাই ৷
প্ৰাপ্ত অভিযোগ মতে, ছান্দেছাৰাই অন্ধ্ৰ বেংকৰ নেতৃত্বাধীন এটা কনছৰ্টিনামৰ পৰা ৫,৩০০ কোটিৰো অধিক টকা ঋণ লৈ পৰিশোধ নকৰাকৈ দেশ এৰি পলায়ন কৰিছে৷
চি বি আই আৰু এনফ’ৰ্চ ডিৰেক্টৰেটে এই জালিয়াতি আৰু প্ৰতাৰণাৰ কাৰণে ছান্দেছাৰাৰ উপৰি অন্ধ্ৰ বেংকৰ প্ৰাক্তন সঞ্চালক অনুপ গৰ্গৰ বিৰুদ্ধেও গোচৰ তৰিছে ৷
প্ৰাপ্ত অভিযোগ মতে, ছান্দেছাৰাই ভাৰত, ব্ৰিটেইন আৰু নাইজেৰিয়াত কমেও ৩০০টা ভুৱা প্ৰতিষ্ঠান গঢ়ি তুলি বেংকৰ পৰা লোৱা ঋণৰ টকা সেইবোৰ প্ৰতিষ্ঠানৰ নামত স্থানান্তৰ কৰিছে ৷ তাৰ পিছতেই গোপনে ভাৰতৰ পৰা পলায়ন কৰে ৷
- Log in to post comments
- 27 views