ভাৰতীয় শ্বেয়াৰ বজাৰত যোৱা সপ্তাহৰে পৰা চলি থকা ভয়ংকৰ খহনীয়াই চলিত সপ্তাহৰ লেনদেনৰ প্ৰথম দিনটোতে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷
সোমবাৰে একেদিনাই মুম্বাই শ্বেয়াৰ বজাৰত সূচক ছেনছেক্স ১০.৪৬ শতাংশ অৰ্থাৎ ৫৩৬.৫৮ পইণ্ট নামি যায় ৷ বিগত সাত মাহৰ ভিতৰত এটা দিনতে ছেনছেক্সৰ এয়াই হৈছে সৰ্ববৃহৎ পতন ৷
কেৱল সেয়াই নহয়, যোৱা দুটা মাহৰ ভিতৰত ছেনছেক্সত নামি গৈ সৰ্বনিম্ন হাৰ হয়গৈ ৩৬,৩০৫.৩২ পইণ্ট ৷ উল্লেখ্য যে চলিত বছৰৰ ৬ ফেব্ৰুৱাৰীত শ্বেয়াৰ বজাৰত এটা দিনতে সৰ্বাধিক হাৰ আছিল ৫৬১.২২ পইণ্ট ৷
ভাৰতীয় মূলধনী বজাৰৰ অৱস্থা যোৱা জুলাই মাহৰ পৰাই অত্যন্ত সংকটজনক ৷ যোৱা ১১ জুলাইৰ পৰা কালি সোমবাৰলৈকে ছেনছেক্স মুঠ ১,৭৮৫.৬২ পইণ্ট অৰ্থাৎ পাঁচ শতাংশ হ্ৰাস পাইছে ৷
শ্বেয়াৰ বজাৰত এই ক্ৰমাগত বিপৰ্যৰ ফলত বিনিয়োগকাৰী গ্ৰাহকসকলৰ মুঠ লোকচানৰ পৰিমাণ বাঢ়ি হৈছেগৈ ৮.৪৮ লাখ কোটি টকা ৷
মুম্বাই শ্বেয়াৰ বজাৰৰ সমান্তৰালভাৱে নেচনেল ষ্টক এক্সচেঞ্জৰো ভয়ংকৰ খহনীয়া অব্যাহত আছে ৷
সোমবাৰে নেচনেল ষ্টক এক্সচেঞ্জৰ সূচক নিফ্টিৰ হাৰ ১৬৮.২০ পইণ্ট নামি গৈ মুঠ ১১,০০০ পইণ্ট হয়গৈ ৷
- Log in to post comments
- 8 views