তামুলপুৰত শ্ৰেণী বৰ্জন অপ্ৰাদেশীকৃত বিদ্যালয়-মহাবিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থাৰ 

তামুলপুৰত শ্ৰেণী বৰ্জন অপ্ৰাদেশীকৃত বিদ্যালয়-মহাবিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থাৰ 

বিটিএডিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ অন্তৰ্গত অপ্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়সমূহত আজিৰে পৰা তিনিদিনীয়াকৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।

বিটিচি এলেকাৰ ভেন্সাৰ শিক্ষানুষ্ঠান আৰু পদ প্ৰদেশিকীকৰণৰ দাবীত এই শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সদৌ বিটিচি অপ্ৰাদেশীকৃত মহাবিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয় শিক্ষক-কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ডঃ যোগেন বড়োৱে এই বিষয়ে জানিবলৈ দি কয় যে যোৱা ২১ ছেপ্টেম্বৰত ৰঙিয়া কৃষক ছহিদ ভৱনত সন্থাৰ এখন জৰুৰী সভা অনুষ্ঠিত হয় ।

সন্থাৰ সভাপতি ধন ৰাজনলালৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বিটিচি এলেকাৰ মহাবিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিনিধিসকল উপস্থিত থাকে । সভাত বিটিচিৰ অপ্ৰাদেশীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিবলৈ দাবী জনোৱা হয় ।

লগতে শিক্ষানুষ্ঠান বিল, ২০১৭ আইনত পৰিণত কৰি শিক্ষক-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা হয় । সিদিনাৰ সভাৰ এক সিদ্ধান্ত অনুসৰি আজিৰে পৰা তিনি দিন ধৰি বিটিচি এলেকাৰ ভেন্সাৰ শিক্ষানুষ্ঠানসমূহত শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

আজি শিক্ষক-কৰ্মচাৰীসকলৰ এনে গণতান্ত্ৰিক আন্দোলনৰ ফলত শিক্ষানুষ্ঠানসমূহত পাঠদান ব্যাহত হয় । ফলত দূৰ-দূৰণিৰ পৰা গাঁঠিৰ ধন ভাঙি অহা ছাত্র-ছাত্ৰীসকলে বিফল মনোৰথ হৈ উভতি যাব লগা হয় ।

ইপিনে সদৌ বিটিচি অপ্ৰাদেশীকৃত ডিগ্ৰী মহাবিদ্যালয় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ডঃ যোগেন বড়োৱে কয় যে শিক্ষানুষ্ঠান বিল, ২০১৭ক লৈ চৰকাৰে হেতালি খেলি আছে ।

ৰাজ্য চৰকাৰ কিম্বা বিটিচি প্ৰশাসনে বিটিএডি ৰ ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই । বড়োৱে অতি দুখেৰে কয় যে শিক্ষক-কৰ্মচাৰীৰ এনে শ্ৰেণী বৰ্জন কাৰ্যসূচীৰ বাবে ছাত্র-ছাত্ৰীসকল যথেষ্ট ক্ষতিৰ সন্মূখীন হ'ব ।

সেয়েহে শীঘ্ৰে বিটিচি এলেকাৰ ভেন্সাৰ শিক্ষানুষ্ঠান আৰু পদ প্ৰাদেশিকীকৰণ কৰাৰ বাবে তেওঁ ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনক অনুৰোধ জনাইছে । ইয়াৰ পিছতো যদি বিটিচি এলেকাৰ ভেন্সাৰ শিক্ষানুষ্ঠান আৰু পদ প্ৰদেশিকীকৰণ কৰা নহয় তেন্তে সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰু অনিৰ্দিষ্টকালীনভাৱে শ্ৰেণী বৰ্জন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ব ।

উল্লেখ্য যে বিটিচি এলেকাত মহাবিদ্যালয় ২৹খন, কনিষ্ঠ মহাবিদ্যালয় ২৬খন, উচ্চতৰ মাধ্যমিক বিদ্যালয় ৯খন, উচ্চ মাধ্যমিক ৯৩খন আৰু এম ই/এল পি স্কুল ১,১৭৪খন অপ্ৰাদেশীকৃত হৈ আছে ।

Your Comments