অসমীয়া মাধ্যমত সন্তানক পঢ়াইছে কোনে?বিধায়ক অখিল-দিগন্তৰ কথাৰ কটা-কটি

A

নিউজ ডেস্ক:

"অখিল গগৈয়ে বিধানসভাৰ ভিতৰত আক্ৰমনমূলক হ'ব নালাগে।নিজৰ ল'ৰাক দিল্লী ডি পি এছত পঢ়ায় অখিলে। বিধানসভাত আহি ইংৰাজী মাধ্যমৰ বিৰোধিতা কৰে"- মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত বিজেপিৰ কমলপুৰ সমষ্টিৰ বিধায়ক কলিতাই কয়- দিল্লীত নহয় অসমত পঢ়াওক অখিল গগৈয়ে নিজ সন্তানক।

আনহাতে বিধায়ক কলিতাৰ মন্তব্যক উভতি ধৰি অখিল গগৈয়ে দিছপুৰত কয়- মোৰ ল’ৰাক অসমীয়া মাধ্যমতে পঢ়াইছো, গৰ্বৰে কওঁ।দশম শ্রেণীলৈকে নুনমাটি জাতীয় বিদ্যালয়ত অসমীয়া মাধ্যমত পঢ়ি একাদশ শ্রেণীৰ পৰা দিল্লীত পঢ়িব গৈছে এইটো কিবা ইচ্ছু হ'ব পাৰে নেকি?
বিধায়ক দিগন্ত কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ল’ৰা-ছোৱালীয়ে অসমীয়া মাধ্যমত পঢ়িছে নেকি বুলিও প্ৰশ্ন কৰে শিৱসাগৰৰ বিধায়ক গগৈয়ে।

Your Comments