
নিউজ ডেস্ক:
"মাদ্ৰাছাৰ কোনো ছাত্ৰই আজিলৈ বে-আইনী কাম কৰা নাই।বাৰত মদ খাই ৰাস্তাত হুলস্থুল নকৰে মাদ্ৰাছাত পঢ়া ছাত্ৰই"- এই মন্তব্য এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।ব্যক্তিগত মাদ্ৰাছা পৰিচালনা কৰাৰ বাবে চৰকাৰে যি এছ অ’পিৰ ব্যৱস্থা কৰিছে সেইয়া হ'ব লাগে।কোনো ইমাম বাহিৰৰ পৰা আহিলে তাত সচেতন হ’ব লাগে- ভূঞাই কয়।
ইফালে দেশৰ আভ্যন্তৰীণ সুৰক্ষাক লৈ ৰাজনীতি নকৰে এআইইউডিএফে।বেয়া উদ্দেশ্যৰে বাহিৰৰ পৰা অহা সকলৰ ক্ষেত্ৰত ৰাইজো সচেতন হ’ব লাগিব আৰু চৰকাৰে কাম কৰিব লাগিব বুলি বৰভূঞাই কয়।
আনহাতে জেহাদীৰ প্ৰসংগত কংগ্ৰেছ সাংসদ আব্দুল খালেকে কয়- জেহাদীৰ অৰ্থ 'সংগ্রাম' গতিকে জেহাদ কলেই গ্ৰেপ্তাৰ কৰিব নেকি?আত্মশুদ্ধিৰ সংগ্রামকো জেহাদ বুলি কয় তাৰ মানে চৰকাৰে বিৰোধিতা কৰিব নেকি!মুছলমান হ'ল বুলিয়ে জেহাদী সজাই গ্ৰেপ্তাৰ কৰাটো ভাল কথা নহয় বুলি উল্লেখ কৰি তেওঁ কয়- অসমত জেহাদী আছে নে নাই নাজানোঁ, কিন্তু জেহাদীৰ নামত ভয় খুৱাব নালাগে।
- Log in to post comments
- 5 views