
নিউজ ডেস্ক:
দিছপুৰ জনতা ভৱনত ইউপিপিএলৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক গৰিহণা কংগ্ৰেছ-এআইইউডিএফৰ।বিধায়কৰ আচৰণ ৰাইজে অনুসৰণ কৰে।এয়া দুৰ্ভাগ্যজনক, এনে আচৰণ উচিত নহয়-এই মন্তব্য এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ ৷
আনহাতে বিধায়ক গৰাকীৰ বিৰুদ্ধে উঠা অভিযোগৰ প্ৰসংগত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিছে জনতা ভৱনৰ কৰ্মচাৰী সন্থাই।ছিদলী সমষ্টিৰ বিধায়ক গৰাকী বিৰুদ্ধে কৰ্মচাৰী সন্থাই বিধানসভাৰ অধ্যক্ষ, ৰাজ্যপালক পত্ৰযোগে অৱগত কৰিছে।
উল্লেখ্য যে বুধবাৰে দিব্যাংগ কৰ্মচাৰী বিভূতি ভট্টাচাৰ্যই বিধায়ক গৰাকীয়ে জনতা ভৱনত প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।
আনহাতে বিধায়ক গৰাকীৰ বিৰুদ্ধে উত্থাপিত প্ৰহাৰৰ অভিযোগক গৰিহণা দি কংগ্ৰেছীৰ সাংসদ আব্দুল খালেকে কয়- মুখ্যমন্ত্ৰীৰ আইন শাসনক লৈ শ্ৰদ্ধা থকা হলে বিধায়কজন ইমান সময় জেলত থাকিলহেঁতেন।বিধায়ক-সাংসদে হাতত আইন তুলি লোৱা উচিত নহয়।২৪ঘণ্টা উকলি যোৱাৰ পিছতো তেওঁ বিধায়কজনক গ্ৰেপ্তাৰ নকৰি বুজাই দিলে শাসকৰ বিধায়ক-সাংসদে গুণ্ডাগিৰি কৰিব পাৰে।
- Log in to post comments
- 3 views