
নিউজ ডেস্ক:
যোগদান কৰিয়েই তৃণমূল কংগ্ৰেছৰ প্ৰতি মোহভংগ হ'ল শিখা শৰ্মাৰ।তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কথা সামাজিক মাধ্যমযোগে ঘোষণা শৰ্মাৰ।গুৰুত্বপূৰ্ণ কথা এই যে,ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱা পিছতেই তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল শৰ্মাই।পৰৱৰ্তী সময়ত দলৰ বিভিন্ন কাৰ্যসূচীত সক্ৰিয় ভাৱে জড়িত হৈ আছিল শৰ্মা।কিন্তু আশ্চৰ্যজনক ভাৱে শিখা শৰ্মাই পদত্যাগ কৰাৰ কথা ঘোষণা কৰে ফেচবুকত।
আনহাতে পদত্যাগৰ কাৰণ বর্তমানো অৱগত কৰা নাই শৰ্মাই।পৰৱৰ্তী ১৫দিনত পদত্যাগৰ কাৰণ ৰাজহুৱা কৰিব বুলি জনায় শৰ্মাই।
- Log in to post comments
- 7 views