দেওবাৰৰ নিশা কামপুৰত সদৌ অসম দৃষ্টিহীন উন্নয়ন পৰিষদ আৰু বিকলাংগ সন্থাই এখন যৌথ সংবাদমেলৰ আয়োজন কৰে ।
সংবাদমেলখনত বিশেষভাৱে সক্ষম লোকসকলৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ।
২০১৮ চনত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে চৰকাৰে ৪,৪১৯টা পদ মোকলাই দিয়াৰ কথা ঘোষণা কৰাক সন্থাৰ তৰফৰ পৰা আদৰণি জনায় ৷ লগতে কাৰ্য পৰিকল্পনাত উল্লেখ থকা অনুসৰি ৩০ ছেপ্টেম্বৰৰ ভিতৰত বিজ্ঞাপন দি পদসমূহ পূৰণৰ নিয়াৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷
আনহাতে, সংৰক্ষিত আাসন অনুসৰি পদ পূৰণৰো তেওঁলোকে দাবী জনায় । প্ৰকৃত বিকলাংগ লোকক চিনাক্ত কৰি বিভাগৰ জৰিয়তে সা-সুবিধা ব্যৱস্থা কৰাৰ লগতে ১০০ শতাংশ বিকলাংগ নিৱনুৱা যুৱক-যুৱতীৰ নিয়োগৰ ব্যৱস্থা কৰাৰ দাবী কৰে ।
যোৱা ১৫ আগষ্টত সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ঘোষণা কৰা মাহে এহাজাৰ টকীয়া পেন্সনৰ ব্যৱস্থা আজি পৰ্যন্ত কাৰ্যকৰী নোহোৱাত ক্ষোভ প্ৰকাশ কৰি দুৰ্গাপূজাৰ আগতে আঁচনিখন আৰম্ভ কৰাৰ দাবী জনায় ।
বিশেষভাৱে সক্ষম লোকসকলৰ ৫০০০টকীয়া এককালীন চৰকাৰী সাহায্যত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ আনে সংস্থা দুটাই ।
সমাজৰ অতিকে দুখীয়া আৰু শিক্ষিত বিশেষভাৱে সক্ষম নিৱনুৱা যুৱক-যুৱতীসকলক বিনামূলীয়া কম্পিউটাৰ আৰু বি এড শিক্ষাৰ ব্যৱস্থা কৰাৰো তেওঁলোকে দাবী জনায় ।
- Log in to post comments
- 5 views