
নিউজ ডেস্ক:
কংগ্ৰেছ বিধায়কৰ মন বিজেপিতে আছে, একমাত্ৰ দেহটোহে কংগ্ৰেছত।শীঘ্ৰে বিধায়ক শূন্য হ'ব কংগ্রেছ- প্ৰশান্ত ফুকনৰ পিছত পুনৰ বিস্ফোৰক মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।কংগ্ৰেছত বিধায়কৰ মোহভংগ হৈছে।একাংশ অঞ্চলক লৈহে বিধায়কসকল বিজেপিলৈ আহিব পৰা নাই।
আনহাতে, বিজেপিৰ সদস্য হবলৈ অনুমতি নালাগে, মিছকল দিলেই সদস্য হ’ব পাৰে।ভূপেন বৰাই মনে মনে মিছকল দি সদস্য হৈছে নেকি বুলি সন্দেহ প্ৰকাশ কৰে বিজেপিৰ কলিতাই।
ইফালে কংগ্ৰেছে আৰম্ভ কৰা গৌৰৱ যাত্ৰা যাতে শ্মশান যাত্ৰালৈ পৰিৱৰ্তন নহয় তাৰ প্ৰতিও লক্ষ্য ৰখাৰ আহ্বান দিগন্ত কলিতাৰ।
- Log in to post comments
- 8 views